নিউজ ডেস্কঃ ভাৰতীয় নেপথ্য কন্ঠশিল্পী ঊষা মংগেশকাৰলৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড০ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২। এই বঁটাৰ সৈতে আছে ৫ লাখ টকা, এখন স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। 

গুৱাহাটীৰ নেডফি হাউছৰ প্ৰেক্ষাগৃহত অহা ২২ নবেম্বৰত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটা প্ৰদান কৰিব। অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান।

উল্লেখযোগ্য যে, আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি সভাকক্ষত সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এখন সংবাদ মেলত এই কথা সদৰি কৰে ৷ প্ৰত্যেক দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply