নিউজ ডেস্কঃ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আব্দুল ৰহমান মাক্কিক গ্লোবেল সন্ত্ৰাসবাদী ঘোষণা কৰিলে সংযুক্ত ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদে। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰৰ সন্ত্ৰাসবাদীটো ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ, ধন সংগ্ৰহ কৰা, হিংসাত্মক ঘটনা সংঘটিত কৰা আদি কাৰ্যৰে জড়িত বুলি কয় ইউএনএছচিয়ে। 

সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ এক সমিতিয়ে সোমবাৰে ৬৮ বছৰীয়া মাক্কিক বিশ্বৰ সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত কৰে। উল্লেখ্য় যে, এই তালিকাত নাম অন্তৰ্ভুক্ত থকা সন্ত্ৰাসবাদীৰ সম্পত্তি জব্দ কৰাৰ লগতে, যাত্ৰা কৰা আৰু অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হয়। 

যোৱা বছৰ জুনত সন্ত্ৰাসবাদীটোৰ নাম বিশ্বৰ সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে ভাৰত আৰু আমেৰিকাই ইউএনএছচিৰ মজিয়াত প্ৰস্তাৱ দিছিল। কিন্তু সেই প্ৰস্তাৱ খাৰিজ কৰা হৈছিল চীনৰ তৰফৰ পৰা। 

অৱশ্যে এইবাৰ চীনে এই প্ৰস্তাৱত কোনো ধৰণৰ বাধা প্ৰদান কৰা নাই। যাৰ ফলত ইউএনএছচিয়ে মাক্কিৰ নাম বিশ্বৰ সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰা বুলি ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply