নিউজ ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ২৯আগষ্টত অসম আৰু ত্ৰিপুৰা ভ্ৰমণলৈ আহিব।অসমলৈ আহি বিজেপিৰ উত্তৰ-পূব কাৰ্যালয়ৰ ভৱন উদ্ধোধন কৰিব জে পি নাড্ডাই।
এই সন্দৰ্ভত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, “২৯ আগষ্টত জে পি নাড্ডাই আগৰতলা আৰু গুৱাহাটী ভ্ৰমণ কৰিব। তেওঁ প্ৰথমে ত্ৰিপুৰা ভ্ৰমণ কৰিব আৰু তাৰ পিছত গুৱাহাটীত উপস্থিত হ’ব। আবেলি প্ৰায় ৪ বজাত তেওঁ গুৱাহাটীত বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় ভৱন উদ্বোধন কৰিব। আমি এই উপলক্ষে এখন সভা আয়োজন কৰিম।”
জানিব পৰা মতে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰণনীতি প্ৰস্তুত কৰিবলৈ নাড্ডাই আগৰতলাত দলীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব।
শেহতীয়াকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই নতুন দিল্লীত নাড্ডাক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নাড্ডাক ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু সাংগঠনিক কাৰ্যকলাপৰ বিষয়ে অৱগত কৰে।
ইফালে, গুৱাহাটীত বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় য’ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা আৰু অন্যান্য জ্যেষ্ঠ বিজেপি নেতাসকল উপস্থিত থাকে। ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৈঠকত দলটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।