নিউজ ডেস্কঃ অতিৰিক্ত তিনিটা সমষ্টিক মুখ্য লক্ষ্য কৰি লোক সভা নিৰ্বাচনৰ হিচাপ-নিকাচ আৰম্ভ কৰিছে বিজেপিয়ে৷ অতিৰিক্ত তিনিটা সমষ্টি দখলৰ বাবে লোক সভাৰ আগন্তুক নিৰ্বাচনত অসম মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰীকো প্ৰক্ষেপ কৰাৰ কথা দলটোৱে বিবেচনা কৰিছে৷
নিৰ্বাচনলৈ মাজত সম্পূৰ্ণ এটা বছৰ আছে যদিও অসমত দলটোৰ আসনৰ সংখ্যা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বক নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া অতিৰিক্ত তিনিটা সমষ্টিক লৈ ব্যস্ত হৈছে বিজেপিৰ নেতৃত্ব৷
উল্লেখযোগ্য যে লোক সভাত ৯ গৰাকী সাংসদ থকা দলটোৱে এইবাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশত কলিয়াবৰ, নগাঁও আৰু বৰপেটা দখল কৰি সাংসদৰ সংখ্যা ১২জনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে৷ বিগত নিৰ্বাচনত এই তিনিটা সমষ্টিৰ কলিয়াবৰ আৰু বৰপেটা বিজেপিয়ে মিত্ৰ দল অগপক এৰি দিছিল৷ ধুবুৰী সমষ্টিটো অগপক এৰি দিছিল৷
কিন্তু এইবাৰ অগপই প্ৰতিদ্বন্দ্বিতা কৰিব লগা আসনৰ সংখ্যা হ্ৰাস কৰি কলিয়াবৰ আৰু বৰপেটাত বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ বিগত নিৰ্বাচনত নগাঁৱত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সমষ্টিটো বিজেপিয়ে হেৰুৱাইছিল যদিও এইবাৰ পুনৰুদ্ধাৰৰ বাবে আগতীয়া প্ৰচেষ্টা আৰম্ভ কৰিছে৷
কিন্তু লোক সভাৰ 9 খন আসন দখলত ৰাখিবলৈ সক্ষম হোৱা দলটোৱে এইবাৰ অতিৰিক্ত ৩খন আসন কেনেকৈ দখল কৰিব? জানিব পৰা মতে কলিয়াবৰ আসনখন দখলৰ বাবে এইবাৰ বিজেপিয়ে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগকো প্ৰক্ষেপ কৰিব পাৰে৷ অৱশ্যে সমষ্টিটোত এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰা-নকৰাৰ ওপৰত বিজেপিৰ প্ৰাৰ্থী নিৰ্ভৰ কৰিব৷
যদি কলিয়াবৰত এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেন্তে বিজেপিয়ে তাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক আৰু এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগক প্ৰক্ষেপ কৰাৰ কথা আগতীয়াকৈ চিন্তা-চৰ্চা কৰিছে৷
এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিজেপিৰ জয়ৰ পথ মসৃণ নহ’ব বুলি শংকিত হৈ শক্তিশালী প্ৰাৰ্থী হিচাপে অজন্তা নেওগক প্ৰক্ষেপ কৰি সমষ্টিটো দখলৰ চিন্তা-চৰ্চা কৰিছে৷ অন্যথা মৃণাল শইকীয়া হ’ব পাৰে কলিয়াবৰৰ প্ৰাৰ্থী৷
ইফালে বিগত বহুবছৰ ধৰি ৰাজেন গোহঁায়ে দখলত ৰখা নগাঁও বিগত নিৰ্বাচনত হেৰুওৱা পাছত এইবাৰ সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে দলটোৱে যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছে৷ দলৰ নতুন মুখৰ নেতা তথা ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক নগাঁৱত প্ৰক্ষেপ কৰি সমষ্টি পুনৰ উদ্ধাৰৰ কথা দলে বিবেচনা কৰিছে৷
যোৱাটো নিৰ্বাচনত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক প্ৰক্ষেপ কৰা হৈছিল যদিও সমষ্টিটো ধৰি ৰখাত ব্যৰ্থ হোৱা শৰ্মাক এইবাৰ লোক সভাত প্ৰক্ষেপ নকৰাটো নিশ্চিত৷ গতিকে ৰাজ্যিক নেতৃত্বৰ সেউজ সংকেতত সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাই সমষ্টিটোৰ জনতাৰ মাজত আকৃষ্ট হোৱাৰ প্ৰচেষ্টা বাহাল ৰাখিছে৷
ইফালে সংখ্যালঘুৰ বিশেষ প্ৰভাৱ থাকিলেও বৰপেটাৰ ওপৰতো নজৰ ৰাখিছে গেৰুৱা দলটোৱে৷ চলিত মাহত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব লগা দলটোৰ ৰথ যাত্ৰাৰ সামৰণী অনুষ্ঠান বৰপেটাত অনুষ্ঠিত কৰি জনতাৰ মাজত আস্থাভাজন হৈ পৰাৰ কৌশল লৈছে৷
যদি বৰপেটাত বিজেপিয়ে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত হয়, তেন্তে ৰাজ্য চৰকাৰৰ মন্ত্ৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা দলত চৰ্চা চলিছে৷
বিশেষকৈ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কথা দলে এই মুহূৰ্তত অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিছে৷ তাৰ মাজতেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নামো দলে এই মুহূৰ্তত চৰ্চালৈ আনিছে৷ কিন্তু প্ৰাৰ্থী যিয়েই নহওক কিয়, এই তিনিটা সমষ্টি দখল কৰাৰ বাবে আগতীয়াকৈ দলে ৰণ-নীতি আৰম্ভ কৰিছে৷