ৰংমন দাস

হঠাৎ বিজেপিৰ মিছন ১৪৪ ত তীব্ৰ জোকাৰণি। বৰ্তমান হাতত নথকা ১৪৪ টা সমষ্টিৰ উপৰি আন ১৬ টা সমষ্টিয়েও নিদ্ৰা হৰিছে শাসকীয় বিজেপিৰ। ২০২৪ ৰ লোকসভা নিৰ্বাচন সমাগত। এনে পৰিস্থিতিত নিজৰেই গৃহৰাজ্য হিমাচলতেই শোচনীয় পৰাজয়ৰ মুখামুখি হৈছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। তাৰ লগে লগে বিহাৰ আৰু মহাৰাষ্ট্ৰতো হোৱা ব্যাপক ৰাজনৈতিক সমীকৰণ সলনিয়ে বিজেপিৰ বাবে ‘অসুৰক্ষিত’ লোকসভা আসনৰ তালিকাখন ১৬০ লৈ বৃদ্ধি কৰিলে। এতিয়া মিছন ১৪৪ ৰ সলনি কাম চলিব মিছন ১৬০ৰ বাবেহে। ইয়াৰ বাবে নাগপুৰ, দিল্লী আৰু হায়দৰাবাদত চলিছে সঘন বৈঠক।

ইষ্টম’জ’ অসমৰ হাতত আহি পৰা তথ্য অনুসৰি বিজেপিয়ে এক আভ্যন্তৰীণ মূল্যায়নৰ যোগেদি অপাৰেশ্যন প্ৰভাসৰ অন্তৰ্গত সংখ্যা ১৪৪ক ১৬০ লৈ বৃদ্ধি কৰিছে। কেৱল সেয়াই নহয়, দলটোৰ হাতত থকা দুৰ্বল ভোট পকেটৰ ওপৰত অধিক আলোচনাৰ বাবে ২৮ ডিচেম্বৰত হায়দৰাবাদত এক গুৰুত্বপূৰ্ণ চিন্তন বৈঠকত দলীয় কৰ্মকৰ্তাসকল মিলিত হ’ব।

বিহাৰ আৰু মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ এনডিএৰ সমীকৰণলৈ অহা বৃহৎ পৰিৱৰ্তনে বিজেপিক দলৰ আভ্যন্তৰীণ মূল্যায়নত লোকসভাত ইয়াৰ “দুৰ্বল” আসনৰ তালিকা ১৪৪ ৰ পৰা ১৬০ লৈ বৃদ্ধি কৰিবলৈ বাধ্য কৰিছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই আসন সমূহৰ প্ৰতি অতিৰিক্ত মনোযোগ দিয়াৰ পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে বিজেপি থিংক-টেংকে। 

প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়া এই তালিকাখনে পৰিৱৰ্তিত ৰাজনৈতিক সমীকৰণবোৰ প্ৰতিফলিত কৰিব, কিয়নো ইয়াক প্ৰথমবাৰৰ বাবে ২০২২ চনৰ মাজভাগত প্ৰস্তুত কৰা হৈছিল। বিশেষকৈ মোডী চৰকাৰৰ মন্ত্ৰীসকলৰ বাবে সাংগঠনিক কাম কাজত সহায় হোৱাকৈ আৰু দলীয় কেডাৰক উৎসাহিত কৰিবলৈ এই তালিকা প্ৰস্তুত কৰা হৈছিল। 

উল্লেখ্য যে বিহাৰত, বিজেপি আৰু জনতা দল ইউনাইটেড, আৰু জেডিইউ, ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ আৰু বামপন্থী দলসমূহৰ সাত দফীয়া মহাজোঁট ভঙ্গ হোৱাৰ ফলত ২০২৪ চনত জয়ী হোৱাত সমস্যা হ’ব বুলি দলটোৱে ভবা আসনসমূহৰ ওপৰত পুনৰ বিবেচনা কৰা হৈছে। শেহতীয়া তালিকাত সন্নিৱিষ্ট হৈছে বিহাৰৰ নৱাড়া, বৈশালী, বাল্মীকি নগৰ, কিষাণগঞ্জ, কাটিহাৰ, সুপল, মুংগেৰ, ঝাঞ্জাৰপুৰ, গয়া আৰু পূৰ্ণিয়াৰ দৰে আসন।

আনহাতে, মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনাৰ মিত্ৰতা ভঙ্গ হোৱা আৰু উদ্ধৱ ঠাকৰে গোট আৰু একনাথ শিন্ধে গোট পৃথক হোৱাৰ ফলত ৰাজনৈতিক সমীকৰণে আনফালে গতি কৰিছে। 

২১ ডিচেম্বৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ কৰ্মকৰ্তা সকলে পাটনাত উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ দৰে ৰাজ্যৰ ১০০ খন “অসুৰক্ষিত” লোকসভা আসন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।  

পৰ্যালোচনা আৰু প্ৰশিক্ষণৰ বাবে এই বৈঠকত উপস্থিত থকা সকলৰ ভিতৰত আছিল সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশ আদি। ইফালে, বাকী ৬০ খন আসনৰ বাবে ২৮ ডিচেম্বৰত হায়দৰাবাদত একেধৰণৰ বৈঠক অনুষ্ঠিত হ’ব। 

“অসুৰক্ষিত” আসন হিচাপে শ্ৰেণীবদ্ধ কৰা আসনসমূহৰ ভিতৰত পশ্চিম বংগতে আছে সৰ্বাধিক ২৪ খন আসন, তাৰ পাছতে আছে মহাৰাষ্ট্ৰৰ ১১খন, বিহাৰৰ ১০খন, উত্তৰ প্ৰদেশৰ ১০খন, অসমৰ পাঁচখন, তেলেংগানাৰ পাঁচখন আৰু পঞ্জাৱৰ তিনিখন আসন। 

জানিব পৰা মতে ত্ৰিপুৰা আৰু দমন, আৰু দিউৰ উপৰি হিমাচল প্ৰদেশ আৰু গুজৰাটৰ এটাকৈ সমষ্টি আছে এই তালিকাত। 

বিজেপিৰ শীৰ্ষমহলৰ এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৪০-৪৫ খন আসনৰ গোটত এই আসনসমূহত কৰ্মীসকলক সম্বোধন কৰাটো অন্তৰ্ভুক্ত থাকিব। ২০২৪ চনৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে ৰাজনৈতিক সমীকৰণ আৰু অধিক স্থানান্তৰিত হোৱাৰ সম্ভাৱনা থাকিব। সম্ভৱতঃ নতুন বছৰৰ প্ৰথমখন বৈঠকত এই সংখ্যা বৃদ্ধি হ’বও পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply