বৰ্তমান অসমৰ চাৰিওফাল এতিয়া ব’হাগৰ ৰঙালী ৰঙেৰে মুখৰিত হৈ পৰিছে। মানুহকে ধৰি প্ৰকৃতিয়েও ৰঙালীক আদৰাৰ বাবে যো-যা কৰিছে। ব’হাগ মাহত প্ৰায় সকলো গছতে নতুন আৰু কুমলীয়া পাত ওলাইছে। ইয়াৰ ভিতৰত শ শ প্ৰজাতিৰ লতা আৰু গুল্মজাত উদ্ভিদ। এই উদ্ভিদবোৰ প্ৰত্যেকেই কিবা নহয় কিবা ঔষধী গুণেৰে পৰিপূৰ্ন। এই উদ্ভিদবোৰ অতিজৰে পৰা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে আৰু যুগ যুগ ধৰি পৰম্পৰাগত ভাৱে বিভিন্ন দুৰাৰোগ্য ৰোগৰ জীৱনদায়িনী ঔষধি স্বৰূপেও ব্যৱহাৰ কৰি প্ৰাণ ৰক্ষা কৰি আহিছে।
বছৰৰ ভিন্ন সময়ত খাদ্য ৰূপে গ্ৰহণ কৰা এই উদ্ভিদ সমূহ অসমীয়া মানুহে ব’হাগ বিহুৰ গৰু বিহুৰ দিনা ১০১ বিধ সংগ্ৰহ কৰি ব্যঞ্জন হিচাপে খোৱাটো এটা পুৰণি কলিয়া পৰম্পৰা ৰূপে পালন কৰি আহিছে, যদিও কোনো কোনোৱে ব’হাগ বিহুৰ সাতদিনৰ দিনাও এই শাক ব্যঞ্জন কৰি খায়। সেয়েহে ইয়াক সাতশাকী বুলিও কোৱা হয়।

এই ১০১ বিধ শাকে কেৱল মনত তৃপ্তি, জিভাত সোৱাদ দিয়াই নহয় ইয়াতো আছে নিৰ্ভৰ যোগ্য বিজ্ঞান সন্মত যুক্তি। এনে শাক-পাচলিয়ে মানুহৰ দেহক সতেজতা প্ৰদান কৰে, বল-শক্তি বৃদ্ধি কৰে আৰু কৰ্ম প্ৰেৰণা যোগায়। মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিক্ষেধক ৰুপে কাম কৰে আৰু ৰোগ নিৰাময়তো সহায়ক হয় এই খাদ্য।
এনে ঔষধি গুণসম্পন্ন শাকসমূহ হ’ল-
মাটি কাঁন্দুৰী, বৰ মানিমুনি, সৰু মানিমুনি, টিকনি বৰুৱা, ভেদাই লতা, টেঙেচি শাক, দ্ৰোণ বন, মছোন্দৰী, ঢেকীয়া শাক, লাইজাবৰি, মধুসোলেং, দুপৰটেঙা, জিলমিল শাক, ব্ৰাক্ষ্মী শাক, কেঁহৰাজ, খুটুৰা শাক, পনৌনৱা, পচতীয়া, কলমৌ শাক, চেংমৰা, নৰসিংহ, তিতাফুল, দুৱৰি বন, কঁণা শিমলু, বিহলঙনি,কপৌ ঢেকীয়া, কপৌ লতা, গৰুখীচ, লাজুকি বন, ভেকুৰি তিতা, মহানিম,শগুনীলতা, শুকলতি, নেফাফু পাত, মালভোগ খুটুৰা, হাতী খুটুৰা, মৰলীয়া শাক, বন আমলখি, বন জালুক, শোহনি বন, গাখৰতী বন, কেঞাবন, টুবুকি লতা, জেতেলী পকা, পদিনা, চালকুৱৰী, পিৰালী পালেং, পকমৌ, লৰ বৰুৱা, পচলা, আম কলি, কঠাল মুচি, বেত গাজ, বাঁহগাজ, অকালবিহ, লাচকচি, গোন্ধোৱা বন, চেনি বন, বিয়নি সাৱতা, মানধনীয়া, মধুৰী পাত, ৰঙালাও আগ, চজিনা পাত, কাচি-দৰিয়া, লিহিৰী পতীয়া, সোনবৰিয়াল, ভাং পাত, চিৰতা, বগা বাহক, আমগন্ধি, বৰথেকেৰা,কেৰেলা, বেঙেনা, টেঙামৰা, মৰিছা, জাতিলাও, নেফাফু, অমৰা ফুল, দহি কচু থুৰী,অগৰাৰ কুমলীয়া পাত, বৰালী বকোৱা,হাচিয়তি বন, লাইশাক, বৃন্দাবনী শাক, চুকা শাক, লফা, পুৰৈ শাক, পালেং, নুনিপাত,পিয়াজ পাত, তুলসী পাত, বিশল্যকৰণি,মিঠামৰা, মেটেকা, শেৱালী ফুলৰ পাত, ডালিম পাত,জাতিলাও আগ,টেঙামৰা, তিতামৰা, মেচাকী মেজেঙা,বৰপুৰৈ।
লগতে পঢ়ক – আজি গৰু বিহু, জানোঁ আহক গৰু বিহুৰ কিছু পৰম্পৰাৰ বিষয়ে