নিউজ ডেস্কঃ অসমত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। কামৰূপ জিলাৰ বকোৰ শিংৰাৰ সমীপত আজি পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰে ৭টা চোৰাং গৰু। জানিব পৰা মতে, বকো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত শিংৰাত চলাইছিল অভিযান।
শিংৰাত অভিযান চলাই অবৈধ ভাৱে সৰবৰাহ কৰা ৭ টাকৈ চোৰাং গো-ধন সহ ৩ জন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে- খোইমুদ্দিন আলী, জাহিৰুদ্দিন আহমেদ, জিতেন ৰাভা।
বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। এই গৰু সৰবৰাহৰ সৈতে জড়িত এখন ডি আই বাহনো জব্দ কৰিছে বকো আৰক্ষীয়ে। জব্দকৃত বাহন খনৰ নম্বৰ এ এছ ডিচি ৬০৭৫ ।