নিউজ ডেস্কঃ বছৰটোৰ অন্যতম প্ৰত্যাশিত ছবি ব্ৰহ্মাস্ত্ৰ দৰ্শকৰ গৰিষ্ঠসংখ্যকে ভাল পাইছিল । দ্বিতীয় খণ্ডৰো ইংগিত দিছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনীত ছবিয়ে । 

প্ৰথম খণ্ডৰ কাহিনী ‘শিৱ’ অৰ্থাৎ ৰণবীৰক কেন্দ্ৰ কৰি আগবাঢ়িছিল। দ্বিতীয় খণ্ডত খালৰ চৰিত্ৰ ‘দেৱ’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বিজয় দেৱৰাকোণ্ডাক মেকাৰে এই চৰিত্ৰটোৰ প্ৰস্তাৱ দিছে।

ইয়াৰ পূৰ্বে শুনা গৈছিল যে ঋতিক ৰোশনক প্ৰথমে এই চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল। যিহেতু হৃতিক একমত নহ’ল, সেয়েহে মেকাৰসকলে ৰণবীৰ সিঙৰ সৈতে আগবাঢ়ি যাব বিচাৰিছিল। 

আনকি, প্ৰস্তাৱটো গৈছিল ‘কে জি এফ’ৰ বিখ্যাত যশৰ হাতলৈ। কিন্তু সূত্ৰই দাবী কৰিছে যে ৰণবীৰ আৰু যশ এই ছবিখনৰ পৰা আঁতৰি গৈছে। ফলত এতিয়া দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডাক ইয়াৰ প্ৰস্তাৱ দিয়া হৈছে।

কেইমাহমান আগতে লিগাৰক মুকলি কৰি দিয়া হৈছিল। এয়া আছিল বলীউডত বিজয়ৰ অভিষেক। কিন্তু বক্স অফিচত সফল নহ’ল ছবিখন। ‘ব্ৰহ্মাস্ত্ৰ’ আৰু ‘লিগাৰ’ৰ প্ৰযোজক কৰণ জোহৰ। 

সূত্ৰসমূহে দাবী কৰিছে যে ‘লিগাৰ’ৰ বিফলতাৰ পিছত কৰণে এনে এখন ছবি বিচাৰিছে যিয়ে বিজয়ক হিন্দী ছবিৰ জগতখনত প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে স্বাভাৱিকতে তেওঁ ‘দেৱ’ৰ চৰিত্ৰৰ বাবে বিজয়ৰ কথা ভাবিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply