নিউজ ডেস্কঃ চলিত বৰ্ষৰ আগষ্টত ৰাজ্যবাসীয়ে লাভ কৰিব এক নতুন উপহাৰ। কিয়নো ইতিমধ্য়ে প্ৰায় কাম সম্পূৰ্ণ হৈ উঠিছে কলীয়াভোমোৰা দলংখনৰ সমীপতে নিৰ্মাণ কৰা নতুন দলংখন।
কলিয়াবৰ তিনিআলি ৰোড জংচন আৰু দলাবাৰী ৰোড জংচন সংযোগী এই দলংখনৰ ৯৮.৫ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৫৮৮.৯৫ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে সম্পূৰ্ণ ১৭.৩ কিলোমিটাৰৰ প্ৰকল্পটোৰ। ইয়াৰে ৩.০৪ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ এই নতুন দলংখন আৰু বাকীখিনি অংশ চাৰিলেন পথ। অক্টোবৰৰ ভিতৰত পথচোৱাৰ কাম সম্পূৰ্ণ হোৱাৰ আশা কৰাৰ লগতে দলংখন আগষ্টত সম্পূৰ্ণ হ’ব।
NHIDCLয়ে এই সম্পূৰ্ণ প্ৰকল্পটো ৩১ জুলাই, ২০২২ত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছিল যদিও এপ্ৰিল মাহত হোৱা ধাৰাসাৰ বৃষ্টিপাত আৰু আন কেতবোৰ কাৰণত এই প্ৰকল্পটোৰ কাম কিছু পলম হোৱা বুলি জানিব পৰা গৈছে।