নিউজ ডেস্কঃ বিদ্যুতৰ বিল বৃদ্ধিক লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে বিটিচিৰ প্ৰাক্তন ই এম জগদীশ চৰকাৰ আৰু মহেশ্বৰ বসুমটাৰীৰ।

বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে বিদ্যুতৰ বিল যদি বৃদ্ধি পাইছে তেন্তে ফেন বন্ধ কৰি গছৰ তলত বহিব লাগে বুলি কৰা বিৰূপ মন্তব্যক লৈ একালৰ সতীৰ্থ জগদীশ চৰকাৰে কয় যে- ‘বিশ্বজিৎ দৈমাৰী জংঘলত থকা মানুহ, আমি একেলগে জংঘলত আছিলোঁ। ‘

আজি গোৰেশ্বৰত এক দলীয় সাধাৰণ সভাত উপস্থিত হৈ বিটিচিৰ প্ৰাক্তন ই এম জগদীশ চৰকাৰে লগতে কয় যে- ‘আমি একেলগে জংঘলত আছিলোঁ গতিকে তেওঁ জংঘলত থকাৰ কথাই ক’ব।’ ইফালে, মহেশ্বৰ বসুমটাৰীয়েও তীব্ৰ ভাষাৰে গৰিহণা জনাইছে অধ্যক্ষ গৰাকীৰ মন্তব্যক লৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply