নিউজ ডেস্কঃ অহা ১১ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেট বৈঠক স্থগিত ৰখা হৈছে। কাছাৰ জিলাৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাই সংবাদমেল সম্বোধন কৰি জনাই যে- শিলচৰত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখন বিভিন্ন কাৰণবশত স্থগিত ৰখা হৈছে।

লগতে তেওঁ কয় যে- পৰৱৰ্তী সময়ত এই বৈঠকখন অধিক সূচল ৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। ইফালে, নবেম্বৰৰ ২৯ তাৰিখে এই বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে, বৰাক উপত্যকাত অনুষ্ঠিত হ’বলগীয়া এইখন প্ৰথমখন কেবিনেট বৈঠক । যাৰ বাবে অতি আশাৰে বাট চাই ৰৈছে বৰাক উপত্যকাবাসী। 

উক্ত বৈঠকখনতে বৰাক উপত্যকাৰ বান সমস্যাকে ধৰি বিভিন্ন সমস্যাসমূহক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply