নিউজ ডেস্কঃ কানাডাৰ সেনা বাহিনীত যোগদান কৰিব পাৰিব প্ৰবাসী ভাৰতীয়ই। এয়া কানাডাৰ প্ৰবাসী ভাৰতীয়ৰ বাবে এক সুখবৰ।
কানাডাৰ সশস্ত্ৰ বাহিনী চমুকৈ চিএএফয়ে ঘোষণা কৰিছে যে- এতিয়াৰে পৰা স্থায়ী বাসিন্দাসকলক সেনাবাহিনীত নিযুক্তি দিয়াৰ অনুমতি প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, ৰয়েল কানাডিয়ান মাউন্টেড পুলিচে ৫ বছৰ পূৰ্বে পুৰণি নিযুক্তি প্ৰক্ৰিয়াত পৰিৱৰ্তন ঘোষণা কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
১৮ বছৰ উৰ্ধ্বৰ দেশখনৰ স্থায়ী নাগৰিকে এতিয়া কানাডাৰ সেনাত নিযুক্তি লাভ কৰিব। তদুপৰি বিষয়া পদত নিযুক্তিৰ বাবে আবেদন কৰিবলৈ তেওঁলোকৰ শিক্ষা হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিকৰ ডিগ্ৰী থাকিব লাগিব।