নিউজ ডেস্কঃ কাছাৰ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী। আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে প্ৰায় ৫০ কোটি টকাৰ য়াবা টেবলেট। 

ট্ৰাকখনৰ গোপন চেম্বাৰত ২০টা পেকেটত লুকুৱাই অনা এই য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে। লগতে গ্ৰেপ্তাৰ কৰে ৫ জন সৰবৰাহকাৰীক। 

জানিব পৰা মতে, শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই থকা সময়ত এএছ ২৫ টিচি ১৫৮২ নম্বৰৰ ট্ৰাকখন জব্দ কৰে কাছাৰ আৰক্ষীয়ে।

উল্লেখ্য যে, জব্দ কৰা টেবলেটখিনি মিজোৰামৰ চাম্পাই জিলাৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী কেইটাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply