গুৱাহাটীঃ আজি ৰাজ্যৰ ১১,২০২ গৰাকী প্ৰাৰ্থীক নতুনকৈ নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ।

অসম চৰকাৰৰ বিভিন্ন বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক অসম চৰকাৰৰ ২১টা বিভাগত নিযুক্তি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ ১লাখ নিয়োগ প্ৰদানৰ প্ৰতিশ্ৰুতিৰে এইবাৰ ১১,২০২গৰাকীক প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আজি গৃহ আৰু ৰাজনৈতিক বিভাগত ৫৩৩৫ গৰাকী, উচ্চ কাৰিকৰী শিক্ষাত ৯২৭, শিক্ষা বিভাগত ৩৮১১ গৰাকীক, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭, লোক নিৰ্মাণ বিভাগত ৩০৪, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ২৯৯, জলসিঞ্চনত ১৩৭ গৰাকীক,পৰিবেশ আৰু বনত ৩৩গৰাকী,পৰিবহণত ৩গৰাকী,গৃহ আৰু নগৰ পৰিক্ৰমাত ১গৰাকী, মহিলা আৰু শিশু উন্নয়নত ৪গৰাকী, জলসম্পদত ৩গৰাকী, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত ৪গৰাকী, ক্ৰীড়া আৰু যুৱ কল্যাণত ১৩গৰাকী, হস্ততাঁত আৰু বস্ত্ৰশিল্পত ৬গৰাকী, ৰূপান্তৰ আৰু উন্নয়নত ১১গৰাকী, সমবায়ত ২গৰাকী, দক্ষতা,নিয়োগ আৰু উদ্যোগীকৰণত ২৪গৰাকী, তথ্য আৰু জনসংযোগত ১গৰাকী প্ৰাৰ্থীক দিয়া হ’ল নিযুক্তি ।

Regular Employee সকলে www.slprbassam.in ৱেবছাইটৰ পৰা নিযুক্তিপত্ৰ সংগ্ৰহ কৰিব পাৰিব। অনুকম্পা ভিত্তিত আৰক্ষী বিভাগত চাকৰিত নিযুক্তি লাভ কৰাসকলে DGP কাৰ্যালয়ৰ পৰা, কাৰাগাৰত নিযুক্তি লাভ কৰাসকলে Inspector General of Prisons ৰ কাৰ্যালয়ৰ পৰা, অগ্নিনিৰ্বাপক বাহিনীত নিযুক্তি পোৱাসকলে Special Director General of Police cum Director, Fire and Emergency Services ৰ কাৰ্যালয়ৰ পৰা, Home Guard ত নিযুক্তি লাভ কৰাসকলে Director General of Civil Defense and Commandant General of Home Guards ৰ কাৰ্যালয়ৰ পৰা নিযুক্তিপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

Higher Education Department ত নিযুক্তি লাভ কৰা সকলে http:\\directorateofhighereducation.assam.gov.in ৱেবছাইটৰ পৰা নিযুক্তিপত্ৰ ডাউনলোড কৰিব পাৰিব।

স্বাস্থ্যবিভাগত নিযুক্তি লাভ https:\\nhm.assam.gov.in ৱেবছাইটৰ পৰা নিযুক্তিপত্ৰ ডাউনলোড কৰিব পাৰিব।

লোকনিৰ্মাণ বা PWD বিভাগত নিযুক্তি লাভ কৰাসকলে PWD Convention and Training Centre, Basisthapur ৰ পৰা সংগ্ৰহ কৰিব পাৰিব তেওঁলোকৰ নিযুক্তপত্ৰ।

বন বিভাগত নিযুক্তি লাভ কৰাসকলে পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনৰ পৰা তেওঁলোকৰ নিযুক্তিপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত নতুনকৈ বেটেলিয়ন নিৰ্মাণ কৰিব। তাৰ কাৰণে পুনৰ চাকৰি মুকলি কৰিব অসম চৰকাৰে।

লগতে চাহ বাগিচা এলেকাত আৰু ১০০খন হাইস্কুল শীঘ্ৰেই মুকলি কৰিব ৰাজ্য চৰকাৰে। অতি শীঘ্ৰেই ৰাজ্যত ১০০০০ চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব। ২০০০০০ ল’ৰা-ছোৱালীক ব্যক্তিগত খণ্ডত নিয়োগ কৰাৰ চিন্তা-চৰ্চা কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply