নিউজ ডেস্কঃ আজি বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। কাৰ্তিক পূৰ্ণিমাত দুপৰীয়া ৩.৪৪ বজাৰ পৰা আৰম্ভ হ’ব এই চন্দ্ৰগ্ৰহণ। আৰু সন্ধিয়া ৬.১৯ বজাত অন্ত পৰিব চন্দ্ৰগ্ৰহণ।
জানিব পৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ। ইতিমধ্যে জ্যোতিষীয়ে কেতবোৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাইছে।
কি কি কৰিব লাগিব চন্দ্ৰগ্ৰহণৰ সময়চোৱাত
- পুৱাৰ পৰা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব।
- দিনৰ ২.৩০ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজালৈ খাদ্য গ্ৰহণ নকৰিব।
- একেবাৰে নোৱাৰিলে জল গ্ৰহণ কৰিব পাৰিব।
- গ্ৰহণ লগাৰ পাছতে স্নান কৰিব।
- তুলসীৰ তলত চাকি জ্বলাব লাগিব।
- চন্দ্ৰগ্ৰহণৰ সময়চোৱাত দেৱ-দেৱীৰ ফটো-মূৰ্তিৰ ফালে নাচাব।
- চন্দ্ৰগ্ৰহণৰ সময়চোৱাত চন্দ্ৰৰ মন্ত্ৰ উচ্চাৰণ কৰিলে সুফল লাভ কৰিব।
- গ্ৰহণৰ সময়চোৱাত গৰ্ভৱতী নাৰীসকল ঘৰৰ বাহিৰত নোলাব।
- গ্ৰহণৰ সময়চোৱাত টোপনী নাযাব।
- চন্দ্ৰগ্ৰহণৰ সময়চোৱাত বগা বা কমলা ৰঙৰ কাপোৰ পৰিধান কৰিলে ভাল।
- কৰ্কট ৰাশিৰ লোকসকল কিছু সাৱধান থাকিব লাগিব।
- মকৰ ৰাশিৰ লোকসকলৰ চিন্তা বৃদ্ধি পাব।