নিউজ ডেস্কঃ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এই অভিযানত বৰ্তমানলৈ দুই সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ইফালে, বাল্য বিবাহ সংক্ৰান্তীয় ৪ সহস্ৰাধিক গোচৰ ৰুজু কৰা হৈছে সমগ্ৰ অসমত। এই গোচৰত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও গ্ৰেপ্তাৰ কৰা লোকসকলক ৰাখিবলৈ ঠাইৰ অভাৱে দেখা দিছে। যাৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ কৰিবলগীয়া হৈছে অস্থায়ী কাৰাগাৰ।
আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে নতুন কাৰাগাৰ সাজিবলৈ ব্যস্ত হৈ পৰিছে শ্ৰমিক সকল। অস্থায়ী কাৰাগাৰ সমূহ এদিন বা দুদিনৰ ভিতৰতে তৈয়াৰ হৈ উঠিব। শিলচৰতো নিৰ্মাণ কৰি থকা হৈছে অস্থায়ী কাৰাগাৰ।
ইতিমধ্যে, অস্থায়ী কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে বহু বাল্য বিবাহ বিৰোধী অভিযানকালত গ্ৰেপ্তাৰ কৰা লোকক। আনহাতে, মঙলবাৰে এই অস্থায়ী কাৰাগাৰৰ সন্মুখতে একাংশ মহিলাই স্বামীক মুকলি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।