ৰাজৰ্ষি চহৰীয়া
UNSC ৰ মঁজিয়াত ভাৰতৰ প্ৰস্তাৱৰ বিৰোধিতা চীনৰ। পুনৰ বিশ্বমঞ্চত এছিয়াৰ দুই মহাশক্তিধৰৰ বৈদেশিক পৰিক্ৰমাগত সংঘাত স্পষ্ট হৈ পৰিল। ইয়াৰ কাৰণ এটাই পাকিস্তানৰ সৈতে চীনৰ বহুপাক্ষিক মৈত্ৰী। ইউ এন এছ চিৰ মঁজিয়াত সন্ত্ৰাসবাদ সংক্ৰান্তীয় এক শক্তিশালী প্ৰস্তাৱ ৰাখিছিল ভাৰতে। পিছে চুবুৰীয়া ৰাষ্ট্ৰ তথা ইউএনএছচিত শক্তিশালী সদস্যপদ ধৰি ৰখা চীনে পোনচাটেই এই প্ৰস্তাৱৰ বিৰোধিতাৰে প্ৰস্তাৱ আগবঢ়ায়।
উল্লেখ্য যে ভাৰতে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ নেতা শ্বাহিদ মহমুদক বিশ্ব সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। আৰু আমি সকলোৱে এই কথা অতি ভালকৈ জানো যে পাকিস্তানৰ শক্তি হিচাপে থিয় দি আছে চীন।
এনে সময়তে প্ৰতিগৰাকী ভাৰতীয়ৰ মনলৈ নিশ্চয় এবাৰলৈ হ’লেও এই ভাব আহে যে- কিয় আমি UNSCৰ স্থায়ী সদস্য নহয়। যদি আজি ভাৰত United Nations Security Councilৰ সদস্য হ’ল হেঁতেন তেন্তে নিশ্চয় ভাৰতেও চীনে পাকিস্তানৰ বাবে লৈ অহা কিছুমান প্ৰস্তাৱনাৰ বিৰুদ্ধে Veto Power ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন।
তিনি মাহত তিনিবাৰকৈ ভাৰত-আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ চীনৰ
এতিয়া পুনৰ ঘূৰি আহিছো ভাৰতে UNSCৰ মজিয়াত দিয়া প্ৰস্তাৱক চীনে স্থগিত ৰখা বা বাধা দিয়াৰ বিষয়টোলৈ। এয়া কেৱল এবাৰে হোৱা নাই। বিগত প্ৰায় তিনি মাহত চীনে তৃতীয় বাৰলৈ পাকিস্তানী সন্ত্ৰাসবাদী কেইটাক ব্লেকলিষ্ট বা UNSCৰ 1267 লিষ্টত অন্তৰ্ভুক্ত কৰাৰ যি প্ৰস্তাৱ ভাৰত আৰু আমেৰিকাই আগবঢ়াইছে তাৰ বিৰোধিতা কৰি আহিছে।
সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সমগ্ৰ বিশ্বৰ বাবেই এক ডাঙৰ মূৰৰ কামোৰণি। আৰু আমি সকলোৱে জানো যে সন্ত্ৰাসবাদৰ মূল ঘাটি হৈছে পাকিস্তান। অফিচিয়েল ভাষাত যদি ক’বলৈ যাওঁ তেন্তে – চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ আল কায়েদা নিষেধাজ্ঞা সমিতিৰ অধীনত ৪২ বছৰীয়া মাহমুদক বিশ্বসন্ত্ৰাসবাদী হিচাপে তালিকাখনত অন্তৰ্ভুক্ত কৰাৰ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত স্থগিতাদেশ দিছে।
চীনে পাকিস্তানক সমৰ্থন কৰি আহিছে। তাত কোনো সমস্যা নাই। কিন্তু সমৰ্থন কৰাৰ অৰ্থ এইটো নহয় যে- সমগ্ৰ বিশ্বতে কুপ্ৰভাৱ পেলাই থকা কোনো কাৰ্যকলাপৰ ক্ষেত্ৰতো চীনে নিজৰ শক্তিৰ অপব্যৱহাৰ কৰিব। কিন্তু UNSCৰ নিয়ম আৰু শক্তিক চীনে প্ৰায়ে এনেদৰে অপব্যৱহাৰ কৰি আহিছে।
ৰাষ্ট্ৰসংঘৰ মহাসচিব ভাৰতত উপস্থিত
ৰাষ্ট্ৰসংঘ অৰ্থাৎ United Nationsৰ মহাসচিব এন্টনিঅ’ গুটেৰেছ ভাৰতত আছে আৰু মুম্বাইত সংঘটিত ২৬/১১ বোমা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। লস্কৰ ই তৈবাই সংঘটিত কৰা এই বিস্ফোৰণত আমেৰিকাৰ নাগৰিক সহ ১৬০জনৰো অধিক লোকে হেৰুৱাইছিল প্ৰাণ।
আৰু ভাৰতত ৰাষ্ট্ৰসংঘৰ মহাসচিব গৰাকী উপস্থিত থকা সময়তে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই লস্কৰ ই তৈবাৰ সদস্য শ্বাহিদ মহমুদক বিশ্বৰ সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে, চীনে নিজৰ শত্ৰুতা ভাৰতৰ সৈতে অব্যাহত ৰাখি পাকিস্তানক সমৰ্থন জনাই Veto power ব্যৱহাৰ কৰি এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলে।
কি কয় US Department of Treasury-য়ে
লক্ষণীয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগ অৰ্থাৎ US Department of Treasury ৰ তৰফৰ পৰা কোৱা হৈছে যে- ‘মাহমুদ পূৰ্বে লস্কৰ ই তৈবাৰ বিদেশত যিবোৰ অভিযান চলাইছিল তাৰে এটা দলৰ সদস্য আছিল। তদুপৰি ২০১৩চনৰ আগষ্টত মাহমুদক বাংলাদেশ আৰু বাৰ্মাত ইছলামিক সংগঠনৰসমূহৰ সৈতে গোপন সম্পৰ্ক গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়া হৈছিল। আৰু ২০১১চনত মাহমুদে দাবী কৰিছিল যে- লস্কৰ ই তৈবাৰে ভাৰত আৰু আমেৰিকাত আক্ৰমণ কৰিবলৈ চিন্তা কৰা উচিত।’
UNSCৰ 1267 লিষ্ট বা কমিটী কি?
UNSCৰ ১২৬৭ কমিটীক আল কায়দা নিষেধাজ্ঞা কমিটী বুলিও কোৱা হয়। এই কমিটী ১৯৯৯চনত স্থাপন কৰা হৈছিল। এই ১২৬৭ লিষ্ট হৈছে বিশ্বব্যাপী সন্ত্ৰাসবাদীৰ এখন তালিকা য’ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মোহৰ থাকে। আৰু মন কৰিবলগীয়া যে, এই লিষ্টখনত অন্তৰ্ভুক্ত কৰা প্ৰায় সংখ্যক সন্ত্ৰাসবাদীয়েই পাকিস্তানৰ নাগৰিক।
১২৬৭ হৈছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ বেছি গুৰুত্বপূ্ণ আৰু সক্ৰিয় সহায়ক সংস্থাসমূহৰ ভিতৰত এটা, যি আল কায়দা আৰু ইছলামিক ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠনৰ সমূহৰ বিৰুদ্ধে যুঁজ দিয়ে। এই লিষ্টত অন্তৰ্ভুক্ত কৰা সন্ত্ৰাসবাদীৰ চলাচল সীমিত কৰা, ভ্ৰমণত নিষেধাজ্ঞা, সম্পত্তী জব্দ কৰা আৰু অস্ত্ৰ ক্ৰয় কৰা আদি বিষয়ত কাম কৰে ৰাষ্ট্ৰসংঘই।
আন সন্ত্ৰাসবাদীকো ব্লেকলিষ্টেড কৰাৰ প্ৰস্তাৱ চীনে ৰাখিছিল স্থগিত
চীনে প্ৰায়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনে প্ৰস্তাৱ স্থগিত ৰাখি আহিছে। চলিত বৰ্ষৰে জুন মাহত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই যৌথভাৱে UNSCৰ মজিয়াত ১২৬৭ কমিটীত পাকিস্তানৰ সন্ত্ৰাসবাদী আব্দুল ৰহমান মাক্কিক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱনা আগবঢ়াইছিল। কিন্তু এই যুটীয়া প্ৰস্তাৱ অন্তিম মুৰ্হূতত স্থগিত ৰাখিছিল চীনে।
আপোনালোকক জনাই দিওঁ যে- মাক্কি হৈছে আমেৰিকাত সংঘটিত কৰা ২৬/১১ৰ মাষ্টাৰ মাইণ্ড হাফিজ ছায়েদৰ ভায়েক। তাৰপাছত পুনৰ আগষ্টত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ সদস্য আব্দুল ৰউফ আজহাৰক ব্লেকলিষ্টেড কৰাৰ যি প্ৰস্তাৱ ভাৰত আৰু আমেৰিকাই আগবঢ়াই, সেই প্ৰস্তাৱ স্থগিত ৰাখে চীনে।
চাবলৈ গ’লে ২০০১ চনৰ পৰা বৰ্তমানলৈ ভাৰতে পাকিস্তান সম্পৰ্কীয় যিমান প্ৰস্তাৱনা আগবঢ়াইছে তাৰে অধিকাংশই চীনে স্থগিত ৰাখিছে। চীনে প্ৰতিবাৰে এনেদৰে UNSCৰ মজিয়াত পাকিস্তানক সমৰ্থন কৰি আহিছে। যি সমগ্ৰ বিশ্বৰ বাবে ভাল ইংগিত নহয়।