নিউজ ডেস্কঃ চীনে নেপালৰ ১০ স্থানত প্ৰায় ৩৬ হেক্টৰ মাটি দখল কৰিছে। নেপালৰ কৃষি মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা এক দস্তাবেজত এই তথ্য সদৰি কৰা হৈছে। নেপালৰ কৃষি মন্ত্ৰালয়ে কৰা এক সমীক্ষা অনুসৰি, নেপালৰ ৰাজ্য নীতিত সীমান্তৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে।
চীনৰ পিপলছ লিবৰেশ্যন আৰ্মীয়ে ২০১৬চনত নেপালৰ এখন জিলাত পশুধনৰ বাবে এখন পশু চিকিৎসালয় নিৰ্মাণ কৰিছিল। কিন্তু নেপালে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰে। ইউ.কে.ৰ সংবাদ মাধ্যমৰ দ্বাৰা ২০২২চনৰ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এক ৰিপৰ্ট মতে, চীনৰ যিখিনি সীমা নেপালৰ সৈতে সংযোগ হৈছে তাত চীনে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে।
এই ৰিপৰ্টত উল্লেখ কৰা হৈছে যে, নেপালৰ পশ্চিম হুমলা জিলাস্থিত সীমা চকীৰ সমীপত চীনে পথ নিৰ্মাণ কৰাৰ প্ৰয়াস চলাই আছে। তদুপৰি নেপালী কৃষকসকলক পশুধন চৰণ কৰাৰ ক্ষেত্ৰত চীনে বাধা প্ৰদান কৰাৰ লগতে চীন-নেপালৰ সীমান্তৱৰ্তী এলেকাসমূহত হিন্দু আৰু বৌদ্ধ মন্দিৰসমূহতো প্ৰতিবন্ধকতা প্ৰদান কৰিছে চীনে।