নিউজ ডেস্কঃ এগৰাকী নাবালিকাৰ মৃত্যুক লৈ ব্যাপক চাঞ্চল্য। ধূলা আৰক্ষীৰ অভিযোগনামাত সন্নিৱিষ্ট হৈছে তিনিগৰাকীকৈ চিকিৎসক আৰু এগৰাকী দণ্ডাধীশৰ নাম। চিকিৎসক অৰুণ চন্দ্ৰ ডেকা, অজন্তা বৰদলৈ, অনুপম শৰ্মা আৰু মেজিষ্ট্ৰেট আশীৰ্বাদ হাজাৰিকাৰ বিৰুদ্ধে দাখিল কৰা হৈছে অভিযোগনামা। এটি নাবালিকাৰ মৃত্যুৰ সম্পৰ্কীয় গোচৰত চিআইডিয়ে ধূলা আৰক্ষী থানাত গোচৰ নং ১৪৪/২০২২ ইউ/এছ ১২০ বি আৰ/ডব্লিউ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২০১/২১৮/৪০৯ৰ অধীনত এই চাৰ্জশ্বিট দাখিল কৰিছে।

এই অভিযোগনামা সন্দৰ্ভত দৰং জিলাৰ বিশেষ ন্যায়াধীশ সচেতন হৈ পৰিছে। ইয়াৰ পূৰ্বে চিআইডিয়ে অভিযুক্ত তিনিওগৰাকী চিকিৎসকৰ লগতে দণ্ডাধীশ গৰাকীক আৰু কৃষ্ণ কমল বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য় যে, চিআইডিয়ে কৰা অনুসন্ধানত এই কথা প্ৰকাশ পাইছে যে- দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাই ঘটনাস্থলীত কোনো তদন্ত চলোৱা নাছিল, লগতে কন্যা সন্তানটিৰ মৃতদেহটো ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰা নাছিল।

তদুপৰি দণ্ডাধীশ গৰাকীয়ে ভুক্তভোগী পৰিয়াল আৰু মৃত কন্যা সন্তানটিৰ প্ৰতি অন্যায় কৰি এক মিছা অনুসন্ধানৰ প্ৰতিবেদন দাখিল কৰে। তেওঁ পূৰ্বে মৃতদেহটো ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰা বুলি কৈছিল আৰু অভিযুক্তক ৰক্ষণা বেক্ষণ দিবলৈ চেষ্টা কৰিছিল।

মৃতদেহটো প্ৰথমে মৰণোত্তৰ কৰা চিকিৎসক তিনিগৰাকীয়ে মূল অভিযুক্তক বচাবলৈ গৈ ভুৱা প্ৰতিবেদন প্ৰস্তুত কৰে, য’ত উল্লেখ আছিল যে- নাবালিকা কন্যাটি ওলমি থকাৰ (ফাঁচী) বাবেহে মৃত্যু হৈছে আৰু যৌন নিৰ্যাতনৰ কোনো প্ৰমাণ পোৱা হোৱা নাই।

কিন্তু তাৰ বিপৰীতে ফৰেনচিক বিশেষজ্ঞৰ পেনেলৰ লগতে দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাত চিকিৎসকৰ আন এটা দলে স্পষ্টভাৱে কয় যে- নাবালিকা কন্যাটিৰ মৃত্যু নাৰকিলৰ ৰছীৰে ডিঙি চেপাৰ ফলত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply