নিউজ ডেস্কঃ সোমবাৰে কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ জনায় যে, এতিয়াৰ পৰা কোনো ১৪ বছৰৰ তলৰ কন্যা সন্তানক যদি কোনো লোকে বিয়া কৰাই তেতিয়া হ’লে POCSO, ২০১২ আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।
লগতে ১৪ বছৰ পৰা ১৮ বছৰৰ বয়সৰ কোনো নাবালিকাক যদি বিয়া কৰোৱা হয় তেতিয়া হ’লে বাল্য বিবাহ নিষিদ্ধকৰণ আইন, ২০০৬ (Prohibition of Child Marriage Act, 2006) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
বাল্য বিবাহৰ বাবে কম বয়সতে প্ৰসূতি আৰু সন্তান মৃত্যু হোৱাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। আৰক্ষী বিভাগক অতি কম দিনৰ ভিতৰতে সমগ্ৰ অসমতে অভিযান চলাই যিসকলে অসংবিধানিকভাৱে কন্যা সন্তানক বিয়া কৰোৱাইছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্যযোগ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰত চৰকাৰে প্ৰস্তুত কৰা এক তথ্য অনুসৰি জনাই যে, আইনে অনুমতি প্ৰদান নকৰা বয়সত ধুবুৰী ৫০.৮%, দক্ষিণ শালমৰা ৪৪.৭%, দৰং ৪২%, নগাঁও ৪২%, বঙাইগাঁও ৪১%, গোৱালপাৰা ৪১%, বৰপেটাত ৪০%, মৰিগাঁও ৩৯% আৰু ডিমাহাচাওত ১৫% ই বিয়াই কৰাই তালিকাৰ শীৰ্ষত আছে লগতে কম বয়সতে মাতৃত্ব হোৱাৰ ভিতৰত ধুবুৰী ২২%, দক্ষিণ শালমৰা ২২%, দৰং ১৬%, কামৰূপ ১৫%, হোজাই ১৫.৬%, বঙাইগাঁও ১৫.৪%, নগাঁও ১৫%, বৰপেটা ১৪%, গোৱালপাৰাত ৪১% সৈতে তালিকাৰ শীৰ্ষত আছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। অসমত মুঠতে গড়ে ৩১% লোকে এনেদৰে কম বয়সত বিয়া কৰাইছে।