নিউজ ডেস্কঃ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুমাৰীকাটা-কাউলী-গুৱাবাৰী পথত মটঙা নৈৰ ওপৰত দুখন, বাল্টি নৈৰ ওপৰত এখন আৰু দক্ষিণ কুমাৰীকাটা-নাগ্ৰিজুলী পথত মটঙা নৈৰ ওপৰত এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে।

সমগ্ৰ অঞ্চলটোৰ বাবে প্রায় ১২ কিঃমিঃ দৈৰ্ঘ্যৰ কুমাৰীকাটা-কাউলী-গুৱাবাৰী পথটি অতিকৈ গুৰুত্বপূৰ্ণ আৰু যাতায়তৰ মাধ্যম। শৈক্ষিক অনুষ্ঠান-প্রতিষ্ঠান, কৃষিৰ লগত জড়িত ক্ষেত্র, স্বাস্থ্য আৰু ব্যৱসায় প্রতিষ্ঠান আদি পথৰ দুয়ো দিশে বিদ্যমান। 

যাতায়াতৰ সুচল ব্যৱস্থা নথকা বাবে অঞ্চলবাসীয়ে ন্যূনতম সা-সুবিধাখিনি লাভ কৰাৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছে। গতিকে এই পথ সংযোগী দলং নির্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই পথৰ লগত জড়িত জিলাখনৰ কেইবাখনো গাঁও যেনে কুমাৰীকাটা, চাহেব টুপা, মেজগুৰি, পুখুৰীপাৰ, কাউলী, চন্দনপুৰ, নাৰায়ণপুৰ, হৰিণচৰা, ২নং বগৰীখুটী, বিমলানগৰ, ১নং দঙাৰগাঁও, গয়বাৰী আদিৰ ৰাইজ উপকৃত হ’ব।

ইয়াৰ উপৰিও দক্ষিণ কুমাৰীকাটা নাগ্ৰিজুলী সংযোগী পথত নিৰ্মাণ হ’বলগীয়া দলঙখনৰ জৰিয়তে দক্ষিণ কুমাৰীকাটা, বটিয়ামাৰি, বাটাবাৰী, লতিবাৰী, চিঙৰামাৰি, পাকৰিবাৰী, ডৈমাবাৰী, কুছুমজুলি, চাহপুৰ, বাল্টিপুৰ, নাগ্ৰিজুলী আদিৰ সাধাৰণ ৰাইজ হ’ব উপকৃত।

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি আৰৰ মুখ্য কাৰ্য্যবাহী শ্ৰীপ্ৰমোদ বড়োকে ধৰি বহু গৰাকী ব্যক্তি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply