গুৱাহাটীঃ ‘ৰাজ্যৰ আঠ লাখ চাকৰিপ্ৰত্যাশী ল’ৰা-ছোৱালীক বিভ্ৰান্ত নকৰিব৷’ সোণাৰিত সংবাদমাধ্যমৰ আগত আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তিৰ পৰীক্ষাত ধনৰ লেনদেন হোৱা বুলি ভিক্টৰ দাস নামৰ নমৰ যুৱকজনে অভিযোগ উত্থাপন কৰাৰ পাছতে অযথা হৈ-চৈ নকৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এক লাখ নিযুক্তি প্ৰক্ৰিয়া বাধাৰ সৃষ্টি কৰিবলৈ অসমৰ দুই-এটা সংবাদ মাধ্যমৰ লগতে দুই-এটা ৰাজনৈতিক দলে সদ্য অনুষ্ঠিত নিযুক্তিৰ বাছনী পৰীক্ষা ক্ষেত্ৰত বিভ্ৰান্তমূলক প্ৰচাৰ চলাইছে।
আঠ লাখ পৰীক্ষাৰ্থী কেনেকৈ বাৰ লাখ হ’ল বুলি বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰাক লৈ হুলস্থূলৰ পৰিৱেশ সৃষ্টি কৰি এতিয়া টকা দি চাকৰি লোৱাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি চৰ্চা চলাইছে৷
ভিক্টৰ দাস নামৰ যুৱকজনৰ অভিযোগ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে ভিক্টৰ দাসে উচিত প্ৰমাণ দিব পৰা নাই। প্ৰাক্তন বিধায়কজন কোন, কোনে কাক টকা দিলে, তাৰ উত্তৰ তেওঁ দিব পৰা নাই৷
ইফালে কংগ্ৰেছৰ সমালোচনাত কৰি কয় যে অসমত এক লাখক চাকৰি দিবলৈ বিচৰা বিষয়টো ভূপেন বৰা আৰু কংগ্ৰেছে ভাল পোৱা নাই৷ সেয়ে তেওঁলোকে যিকোনো প্ৰকাৰে নিযুক্তি বন্ধ কৰাৰ চেষ্টা কৰিছে৷
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ১৫ ছেপ্টেম্বৰত কমাণ্ডো বেটেলিয়নৰ বাছনী পৰীক্ষাৰ ফল ঘোষিত হ’ব বুলিও সদৰী কৰিছে৷