ৰাজৰ্ষি চহৰীয়া

আজি Commonwealth Games 2022ৰ চতুৰ্থটো দিন।  মণিপুৰৰ মীৰাবাই, বিদ্যাৰাণী, মিজোৰামৰ জেৰেমীহঁতে ইটোৰ পাছত সিটোকৈ আজুৰিছে পদক। উত্তৰ পূবৰ বাবে নহয়, ভাৰতৰ বাবে আনিছে এই পদক।

ভাৰত নহয় কোনো দিশতে কম। ক্ৰীড়া ক্ষেত্ৰৰ পৰা মহাকাশ গৱেষণালৈ বৰ্তমান সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰশংসা কৰিছে, মানিছে ভাৰতে যি কৰিম বুলি ভাবে সেইটোৱে কৰিব পাৰে।  তাৰেই যেন প্ৰমাণ দি আহিছে ভাৰতীয় খেলুৱৈসকলে। এই পৰ্যন্ত Commonwealth Games ২০২২ত ভাৰতে ৬টাকৈ পদক অৰ্জন কৰিছে। 

পদক অৰ্জনৰ তালিকাখনলৈ যদি মন কৰো তেন্তে ইয়াৰ ষষ্ঠ স্থানত আছে আমাৰ ভাৰতবৰ্ষ।  ভাৰতে বৰ্তমানলৈ অৰ্জন কৰা মুঠ ৬টা পদকৰ ভিতৰত ৩টা স্বৰ্ণ, ২টা ছিলভাৰ আৰু ১টা ব্ৰঞ্জৰ পদক।

প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই বৰ্তমানলৈ মুঠ ৫২টা মেডেল অৰ্জন কৰিছে। ইযাৰে ২২টা স্বৰ্ণ, ১৩টা ৰূপৰ আৰু ১৭টা ব্ৰঞ্জৰ পদক।

আহকচোন চাওঁ ভাৰতৰ বাবে পদক আজুৰি অনা খেলুৱৈসকল কোন কোন। পিছে ইয়াৰ পূৰ্বে এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন যে- আঘাতপ্ৰাপ্ত নোহোৱা হ’লে হয়তো ভাৰতৰ বাবে আৰু অধিক পদক অৰ্জন কৰিলে হেঁতেন আমাৰ Golden Boy নীৰজ চোপ্ৰাই।

ভাৰতৰ বাবে প্ৰথম পদক অৰ্জন কৰা খেলুৱৈগৰাকী হৈছে সংকেত মহাদেৱ ছাৰ্গাৰ। সংকেত মহাদেৱ ছাৰ্গাৰে পুৰুষৰ Weightlifting ৰ ৫৫ কেজি শাখাত ছিলভাৰ মেডেল অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। ২১ বছৰীয়া সংকেতে মুঠ ২৪১ কেজি ওজন উত্তোলন কৰি আজুৰি আনে এই পদক।

তাৰপাছত ভাৰতৰ বাবে Weightlifting ৰে ৬১ কেজি শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি আনে গুৰুৰাজা পুজাৰীয়ে। 

গুৰুৰাজে ভাৰতৰ বাবে দ্বিতীয়টো পদক অৰ্জন কৰে। Commonwealth Gamesত মুঠ ২৬৯ কেজি ভাৰ উত্তোলন কৰি এই পদক দেশবাসীৰ নামত অৰ্পন কৰে।

Commonwealth Gamesত ভাৰতে অৰ্জন কৰা  তৃতীয়টো পদক অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো উত্তৰ-পূবৰ মীৰাবাই চানুৱে অৰ্জন কৰে Commonwealth Games ২০২২ত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ পদক।

মণিপুৰৰ মীৰাবাই চানুৱে মহিলা ভাৰোত্তলনৰ ৪৯ কেজি শাখাত মুঠ ২০১ কেজি ওজন ভাৰ উত্তলন কৰি এক ৰেকৰ্ড গঢ়ি Gold medal অৰ্জন কৰে। 

এইবাৰৰ Commonwealth Gamesত এটা দিশ মন কৰিবলগীয়া যে- অধিকাংশ মেডেল বিশেষকৈ স্বৰ্ণ পদক Weightliftingতে লাভ কৰিছে ভাৰতে। আৰু ভাৰতৰ বাবে চতুৰ্থটো পদকো Weightliftingৰ মহিলাৰ ৫৫ কেজি শাখাত লাভ কৰিছে বিদ্যাৰাণী দেৱীয়ে। 

মণিপুৰতে বিদ্যাৰাণী দেৱীয়ে মুঠ ২০২ কেজি ভাৰ উত্তোলন কৰি দেশৰ নামত ছিলভাৰ মেডেল অৰ্জন কৰে। প্ৰথমবাৰ ৮৬ কেজি আৰু দ্বিতীয়বাৰত ১১৬ কেজি ভাৰ উত্তোলন কৰি বিদ্যাৰাণীয়ে সুন্দৰ প্ৰদৰ্শন কৰে।

মীৰাবাঈৰ পাছতে ভাৰতৰ বাবে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিছে মিজোৰামৰ ১৯ বছৰীয়া জেৰেমী লালৰিনুংগাই। 

পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামৰ পৰা ওলাই গৈ ১৯ বছৰীয়া জেৰেমীয়ে Weightliftingত পুৰুষৰ ৬৭ কেজি শাখাত মুঠ ৩০০ কেজি ওজন দাঙি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। জেৰেমীয়ে ৩০০ কেজি ওজন দাঙি ৰেকৰ্ড গঢ়ি Gold medal ভাৰতৰ নামত অৰ্পণ কৰে। তাৰপাছতে ভাৰতৰ বাবে তৃতীয়টো স্বৰ্ণ পদক অৰ্জন কৰিছে পশ্চিমবংগৰ অচিন্ত শ্বেউলীয়ে। 

অচিন্ত শ্বেউলীয়ে Weightliftingত পুৰুষৰ ৭৩ কেজি শাখাত ৰেকৰ্ড গঢ়ি অৰ্জন কৰে স্বৰ্ণ পদক। মুঠ ৩১৩ কেজি ওজন উত্তোলন কৰে অচিন্ত শ্বেউলীয়ে। আৰু প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰে।

আমাৰ বাবে দুখবৰ যে অসমৰ শিৱ থাপাই প্ৰথমখন খেলত পাকিস্তানী প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰিছিল যদিও, ৰাউণ্ড অৱ  ছিক্সটিনৰ খেলত অসম সন্তানগৰাকী পৰাজিত হ’বলগীয়া হয়। তথাপি পপী, লাভলীনা, হিমা হঁতৰ খেল এতিয়াও বাকী আছে, আশা এতিয়াও বাকী আছে। 

এনেদৰেই যদি ভাৰতীয় খেলুৱৈ-এথলিট সকলে Commonwealth Gamesত  উন্নত প্ৰদৰ্শন অব্যাহত ৰাখে তেন্তে পদকৰ তালিকাত আৰু ওপৰলৈ গতি কৰিব ভাৰতে। আৰু সমগ্ৰ বিশ্ববাসীৰ মাজত গৌৰৱেৰে উৰি থাকিব আমাৰ ধ্বজ্জা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply