নিউজ ডেস্কঃ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে। গুৱাহাটীৰ হাতীগাঁও থানাত ৰুজু কৰা হৈছে এই গোচৰ। বদৰুদ্দিন আজমলে যি অশালীন মন্তব্য কৰিছিল তাক লৈ থানাত অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে এই গোচৰ ৰুজু কৰে।

আজমলৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে দুলু আহমেদে ৰুজু কৰিছে এই গোচৰ। শীঘ্ৰেই তেওঁক আইনগতভাৱে শাস্তি প্ৰদান কৰাৰ বাবেও দাবী জনাইছে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে।

ইফালে, কিছুসময় পূৰ্বে ক্ষমা বিচাৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। তেওঁ কয় – ‘মোৰ মন্তব্যই যদি কাৰোবাক আঘাত কৰিছে তেন্তে মই ক্ষমা বিচাৰিছো। জনসংখ্যা আমি নিয়ন্ত্ৰণ কৰিবই লাগিব। প্ৰতিটো জাতি-জনগোষ্ঠীয়ে জনসংখ্যা নিয়ন্ত্ৰণ বাবে চিন্তা কৰিব লাগে। ইচ্ছাকৃতভাৱে মই কোনো ব্যক্তিক আঘাত হানিবৰ বাবে মন্তব্য কৰা নাছিলো। প্ৰয়োজন হ’লে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে মই ক্ষমা বিচাৰিম।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply