নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ দিনটোত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৪,৯১৭জন লোক।
ইয়াৰ পাছতে এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৭৫০৮জন ৰোগী।
ইফালে, বৰ্তমান সময়ত আৰোগ্যৰ হাৰ দেশত ৯৮.৫৪ শতাংশ। তাৰ বিপৰীতে পজিটিভিটী হাৰ ৪.৬৫ শতাংশলৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে, এতিয়ালৈকে ৩.৯৭ কোটিৰো অধিক ১২ৰ পৰা ১৪ বছৰৰ শিশু-কিশোৰক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।
আনহাতে, যোৱা ২৪ ঘন্টাত দেশত আৰোগ্য হৈছে ১৪,২৩৮জন লোক। বৰ্তমানলৈ দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪৩৬২৩৮০৪জনলৈ বৃদ্ধি পাইছে।
দুখবৰ যে, এই সময়চোৱাত দেশত কোৰোনাত আক্ৰান্ত হৈ ৩২জন লোকে হেৰুৱাইছে প্ৰাণ।