নিউজ ডেস্কঃ ভেলেন্টাইন ডে’। প্ৰতি বছৰৰ ১৪ ফেব্ৰুৱাৰীত যুৱ প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে এই দিনটোৰ বাবে বিশেষকৈ অপেক্ষা কৰে। উক্ত দিনটোতে প্ৰেমিক-প্ৰেমিকাই তেওঁলোকৰ এই ভালপোৱাৰ সম্পৰ্কটোক অধিক গাঢ় কৰিবলৈ কিছুমান সুন্দৰ মুহূৰ্ত একেলগে পাৰ কৰে। 

কিন্তু এইবাৰ যেন তেওঁলোকৰ আশাতেই চেঁচাপানী পৰিল। কিয়নো ভেলেন্টাইন ডে’ৰ দিনাই পালন কৰা হ’ব Cow Hug Day অৰ্থাৎ গৰু আলিংগন দিৱস। 

এই ঘোষণা কৰিছে ভাৰতীয় পশু কল্যাণ পৰিষদে। ভেলেন্টাইন ডে’ উদযাপন বিশেষকৈ পাশ্চাত্য দেশবোৰতহে কৰা হৈছিল যদিও এতিয়া ভাৰততো এই দিনটো যুৱ প্ৰজন্মৰ প্ৰেমিক-প্ৰেমিকাই উদযাপন কৰা দেখা যায়।

পাশ্চাত্য সংস্কৃতিৰ পৰা যি প্ৰভাৱ পৰিছে, তাৰ পৰা ভাৰতক মুক্ত কৰাৰ বাবেই হয়তো ভাৰতীয় পশু কল্যাণ পৰিষদে গৰু আলিংগন দিৱস উদযাপনৰ বাবে আহ্বান জনাইছে।

কিয়নো ভেলেন্টাইন ডে’ত একাংশ প্ৰেমিক-প্ৰেমিকাই অশ্লীল কাৰ্যতো লিপ্ত হোৱা আমি প্ৰায়ে বাতৰি দেখিবলৈ পাও। আৰু ইয়াৰ ফলত আমাৰ সমাজত কুপ্ৰভাৱ নিশ্চিতভাৱে পৰিছে। যি কি নহওঁক এইবাৰ ১৪ ফেব্ৰুৱাৰীত প্ৰেমিক-প্ৰেমিকাক মৰমেৰে সাৱটি ধৰাৰ পৰিৱৰ্তে সকলোৱে পালন কৰক Cow Hug Day.

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply