ৰাজৰ্ষি চহৰীয়া

সমাজৰ প্ৰহৰীৰ জিম্মাতেই ন্যায় অবিহনেই কিমান লোকক আমি হেৰুৱাইছো তাৰ সীমা সংখ্যা নাই। ন্যায় নৌপাওতেই, কিম্বা বিচাৰ শেষ নৌহওতেই কিমান অপৰাধী-নিৰপৰাধীয়ে এই ন্যায়িক জিম্মাত প্ৰাণ হেৰুৱাইছে সেয়া কেৱল এক পৰিসংখ্যাতেই ৰৈ গৈছে। 

সেই ২০ বছৰীয়া আশ্বিকুল ইছলাম, বটদ্ৰৱা থানাৰ ছফিকুল ইছলাম, যোৰহাটৰ ক’লা ল’ৰা এই সকলো এই একেই অভিশাপৰ চিকাৰ। প্ৰতিবছৰে দেশৰ কাৰাগাৰ সমূহত এতিয়াও হাজাৰ হাজাৰ কয়দীয়ে কটাইছে বন্দীত্বৰ জীৱন। এতিয়াও এই সকল লোকৰ আইনী প্ৰক্ৰিয়া অব্যাহত আছে। কিমানে ন্যায় নোপোৱাকৈয়ে মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ধৰি কাৰাগাৰৰ চাৰি বেৰৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তাৰ হিচাপ কোনে ৰাখিছে?

মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰাইয়ে লোকসভাত প্ৰকাশ কৰা এক ভয়ংকৰ তথ্যই এই অভিশাপৰ ভয়াবহতা স্পষ্ট কৰি তুলিছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা দুবছৰত ভাৰতত ৪৪৮৬ জন কয়দীৰ মৃত্যু হৈছে। ৰাজ্যিক পৰিসংখ্যা অনুসৰি সৰ্বাধিক কয়দীৰ মৃত্যু হৈছে উত্তৰ প্ৰদেশত।

এই তালিকাখনত উত্তৰপ্ৰদেশৰ পাছতে আছে পশ্চিমবংগ। তদুপৰি, দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। অৱশ্যে উত্তৰ-পূবৰ ৰাজ্যসমূহত কয়দীৰ মৃত্যুৰ সংখ্যা তুলনামূলকভাৱে কম।

মঙলবাৰে লোকসভাত ইণ্ডিয়ান মুছলিম লীগৰ সাংসদ আব্দুছামাদ ছামাদানীয়ে Custodial Death সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, বিগত দুটা বছৰত দেশত ৪৪৮৬ জন কাৰাবন্দীৰ মৃত্যু হৈছে। হয় ঠিকেই শুনিছে, ৪৪৮৬ জন কয়দী। 

YouTube video

ইয়াৰে ২০২০ চনত উত্তৰপ্ৰদেশত ৪৫১ জন আৰু ২০২১ত ৫০১জন। তাৰপাছত দুবছৰত পশ্চিমবংগত ৪৪২ জন কয়দীৰ মৃত্যু হৈছে। ইফালে, মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিহাৰত ২০২০চনত ১৫৯ জন আৰু ২০২১চনত ২৩৭জন কাৰাবন্দীৰ মৃত্যু হোৱাৰ তথ্য দাঙি ধৰে কেন্দ্ৰীয় মন্ত্ৰী ৰায়ে।

উত্তৰ-পূৱৰ ৰাজ্যসমূহত কাৰাগাৰত মৃত্যু হোৱা কয়দীৰ সংখ্যা তুলনামূলকভাৱে বহু কম। মিজোৰাম, মণিপুৰ, নগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত ১০জনতকৈ কম কয়দীৰ মৃত্যু হৈছে। লগতে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে- কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপ, লাডাখ, দামান, দিউ আদিত এই সংখ্যা শূন্য। 

আৰক্ষীৰ এনকাউন্টাৰত বহু লোক নিহত হোৱাৰ সন্দৰ্ভতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে- ২০২০ আৰু ২০২১চনৰ ভিতৰত দেশত police encounterত ২৩৩জন লোকৰ মৃত্যু হয়। আৰু এনকাউন্টাৰত অধিকাংশ লোকৰ মৃত্যু হৈছে ছত্তীশগড়ত। তাৰপাছতে আছে জম্মু-কাশ্মীৰ আৰু উত্তৰপ্ৰদেশ। 

অসমত ১ এপ্ৰিল, ২০২০ৰ পৰা ৩১ মাৰ্চ, ২০২২লৈ গোচৰ ৰুজু হৈ থকা ৪১জন লোকৰ মৃত্যু হৈছে ন্যায়িক জিম্মাত। ইফালে, আৰক্ষীৰ এনকাউন্টাৰত দুবছৰৰ এই সময়চোৱাত আৰক্ষীৰ এনকাউন্টাৰত প্ৰাণ হেৰুৱাইছে ২২জনে।

অহা বছৰ লোকসভাত পুনৰ এনে তথ্যৰে সদন গৰম হ’ব, উত্তাল হ’ব। পিছে ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বিভীষিকা কেতিয়া শেষ হ’ব? এনকাউণ্টাৰ কালচাৰ কেতিয়া শেষ হ’ব? এনেকৈয়ে কাষ্টোডিয়েল ডেথ যদি হৈয়েই থাকে, এনকাউণ্টাৰ যদি হৈয়েই থাকে, তেন্তে সংবিধান মৰ্যাদা ক’ত থাকিব? 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply