নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰেহাই অধিসূচনাৰ জৰিয়তে আজি ‘ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতি ২০২১’-ৰ অধীনত তালিকাভুক্ত সকলো বিৰল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰৰ হোৱা সকলোবোৰ আমদানিকৃত ঔষধ আৰু খাদ্য সামগ্ৰীক কৰৰ পৰা সম্পূৰ্ণ ৰেহাই প্ৰদান কৰিছে।
এই ৰেহাই লাভৰ বাবে ব্যক্তিগত আমদানি কৰ্তাই কেন্দ্ৰীয় বা ৰাজ্যিক স্বাস্থ্য সেৱাৰ সঞ্চালক বা জিলাখনৰ জিলা চিকিৎসা বিষয়া অথবা অসামৰিক শল্য চিকিৎসকৰ দ্বাৰা লাভ কৰা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।
মন কৰিবলগীয়া যে, ঔষধ আৰু ভেকচিনসমূহত সাধাৰণতে ১০ শতাংশ মৌলিক কৰ আৰু আন কিছুমান শ্ৰেণীৰ ঔষধ আৰু ভেকছিনত ৫ শতাংশ কৰ লগোৱা হয়।
বিগত সময় ধৰি অন্যান্য বিৰল ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ বাবে কৰ ৰেহাই কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰে বহুতৰে পৰা অনুৰোধ প্ৰতিবেদন লাভ কৰিছিল।
জানিব পৰা মতে, ১০ কিলোগ্ৰাম ওজনৰ শিশুৰ ক্ষেত্ৰত, কিছুমান বিৰল ৰোগৰ চিকিৎসাৰ বাৰ্ষিক ব্যয় ১০ লাখ টকাৰ পৰা ১ কোটি টকা। এই চিকিৎসা গোটেই জীৱনজুৰি থাকে। লগতে, বয়স আৰু ওজন বৃদ্ধিৰ সৈতে ঔষধৰ ব্যয় আৰু ইয়াৰ খাদ্য সামগ্ৰীৰ ব্যয়ও বৃদ্ধি হয়।
এই ৰেহাইয়ে সকলো ‘বিৰল ৰোগ’ৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিগত ব্যৱহাৰৰ বাবে বিশেষ চিকিৎসা উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ আমদানিকৃত ঔষধ আৰু খাদ্য সামগ্ৰীক কৰৰ পৰা সম্পূৰ্ণ ৰেহাই প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখযোগ্য যে, এই ৰেহাইৰ জৰিয়তে ৰোগীসকলৰ ব্যয় যথেষ্ট হ্ৰাস কৰিব আৰু ৰোগীৰ পৰিয়ালে সকাহ লাভ কৰিব। আনহাতে, চৰকাৰে বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত পেমব্ৰোলিজুমাব (কেত্ৰুদা)ক মৌলিক কৰৰ পৰাও ৰেহাই প্ৰদান কৰিছে।
লগতে পঢ়ক – ‘এষ্ট্ৰো নাইট স্কাই টুৰিজম’ক প্ৰোৎসাহিত কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে