স্প’ৰ্টছ ডেস্ক : শনিবাৰে নিশা বাৰ্মিংহামত অনুষ্ঠিত হকী খেলৰ ছেমি ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক ৩-২ গ’লত পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২ৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় পুৰুষ হকী দলটোৱে।

ভাৰতৰ হৈ অভিষেক (২০’), মনদীপ সিং (২৮’), আৰু জুগৰাজ সিঙে (৫৮’) গ’ল দিয়ে। দক্ষিণ আফ্ৰিকাৰ হৈ ৰিয়ান জুলিয়াছে (৩৩’) আৰু মুস্তাফা কাছিমে (৫৯’) গ’ল দিয়ে। ভাৰতে সোমবাৰে সোণৰ পদকৰ যুঁজ দিব।

ভাৰতে আক্রমণাত্মকভাৱে মেচখন আৰম্ভ কৰিছিল ৷ ললিত কুমাৰ উপাধ্যায়ে লাষ্ট হাফত প্ৰৱেশ কৰি দক্ষিণ আফ্ৰিকাৰ ডিফেন্সক ব্যতিব্য়স্ত কৰি তোলে। ইয়াৰ পিছতে অধিনায়ক মনপ্ৰীত সিঙে অভিষেকক চাৰ্কোলৰ ভিতৰত এটা বল দিয়ে, কিন্তু দক্ষিণ আফ্ৰিকাৰ ডিফেন্সে ভাৰতৰ এই সুন্দৰ প্ৰচেষ্টাক ব্য়ৰ্থ কৰাত সফল হয়। প্ৰথম কোৱাৰ্টাৰত কোনো এটা দলেই গ’ল কৰিব নোৱাৰিলে।

মেচখনৰ প্ৰথমটো গ’ল ২০ মিনিটত অভিষেকৰ জৰিয়তে আহে। এটা চমকপ্ৰদ ৰিভাৰ্ছ হিট কৰি ভাৰতক ১-০ গ’লত অগ্ৰগতি দিয়ে অভিষেকে। মেচখনৰ ২৮ মিনিটত মনদীপ সিঙে দক্ষিণ আফ্ৰিকাৰ গ’লৰক্ষকৰ সমূখৰ পৰা নেটত খুন্দা মাৰি ভাৰতক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। ২-০ গ’লত অগ্ৰগতি লাভ কৰি হাফটাইমত প্ৰৱেশ কৰে ভাৰতে।

ভাৰতে দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে পেনাল্টি কৰ্ণাৰৰ পৰা আৰম্ভ কৰি ততাতৈয়াকৈ দক্ষিণ আফ্ৰিকাৰ ডিফেন্স লাইনত হেঁচা প্ৰয়োগ কৰে। কিন্তু বৰুণ কুমাৰৰ শ্বট ব্যৰ্থ হয়।

মেচখনৰ ৩৩ মিনিটত ৰিয়ান জুলিয়াছে পেনাল্টি ৰূপান্তৰিত কৰি দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথমটো গ’ল স্কাক’ৰ কৰে। স্ক’ৰ হয় ২-১। কিছু মিনিট পিছত অভিষেকৰ কোবাল শ্বট গ’লপোষ্টৰ ফালে যায় যদিও গ’লকীপাৰৰ তৎপৰতাত পুনৰ গ’লৰ পৰা ৰক্ষা পৰে দক্ষিণ আফ্ৰিকা।

মেচখনৰ ৫৮ মিনিটত যোগৰাজ সিঙে পেনাল্টি কৰ্ণাৰক গ’ললৈ ৰূপান্তৰিত কৰি ভাৰতক ৩-১ গ’লত আগুৱাই লৈ যায় যদিও ঠিক পিছৰ মিনিটতে দক্ষিণ আফ্ৰিকাৰ হৈ মুস্তাফা কাছিমে গ’ল দি স্ক’ৰ ৩-২ গ’লত পৰিণত কৰে। শেষৰ চেকেণ্ডত ভাৰতে নিজৰ স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হয় আৰু ৩-২ গ’লত জয় লাভন কৰি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় দলটোৱে ৮ আগষ্টত চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply