নিউজ ডেস্কঃ বুধবাৰে ন্যায়াধীশ ধনঞ্জয়া যশৱন্ত চন্দ্ৰচূড় চমুকৈ ডি ৱাই চন্দ্ৰচূড়ে ভাৰতৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শপত লয়। 

এইঅনুষ্ঠানত উপ-সভাপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

পূৰ্বৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ উদয় উমেশ ললিতে ন্যায়াধীশ চন্দ্ৰচূড়ক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নাম আগবঢ়াইছিল।

বৰ্তমান, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল ২০২৪ চনৰ ১০ নৱেম্বৰ পৰ্যন্ত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply