প্ৰবীণ বৰুৱা, মঙলদৈ: ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মানদণ্ড উন্নীতকৰণ আৰু পৰ্যালোচনাৰ উদ্দেশ্যে আয়োজিত গুণোৎসৱ ২০২৩ৰ তৃতীয় পৰ্যায়ৰ মূল্যায়নৰ বৃহস্পতিবাৰে দ্বিতীয় দিনৰ সামৰণি পৰে।
১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ চলি থকা তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে দ্বিতীয় দিনা দৰং জিলাত জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ছিপাঝাৰ বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে।
একেদৰে দৰং জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ নাংতে ১৫৯ নং কমাৰপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকি গুণোৎসৱ পৰ্যবেক্ষণ কৰে।
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব ডঃ কৰুণা কুমাৰী দীঘিৰপাৰ হাইস্কুলত উপস্থিত থকাৰ বিপৰীতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰই খাৰুপেটীয়া আদৰ্শ হিন্দী প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ পৰিদৰ্শন কৰে।
একেদৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব প্ৰবীৰ চন্দ্ৰ কাকতিয়ে ১৭৫ নং ছিপাঝাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে বহিঃমূল্যায়ন প্ৰক্ৰিয়াত অংশ লয়।
এইবেলি তৃতীয় পৰ্যায়ৰ গুণোৎসৱত জিলাখনৰ মুঠ তিনিটা শিক্ষাখণ্ডৰ মুঠ ১১৯৪ খন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ১৪০২৭৪ গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে।