নিউজ ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচলপ্ৰদেশত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। দিনজান আৰ্মী কেম্পত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ অৰুণাচলপ্ৰদেশলৈ উৰা মাৰিব আৰু ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’ব। লগতে পৰিদৰ্শন কৰিব চেলা সুৰংগত চলি থকা কাম-কাজ। তাৰপাছত পুনৰ অসমলৈ ঘূৰি আহি নতুন দিল্লীলৈ উৰা মাৰিব ৰাজনাথ সিঙে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ২৩ এপ্ৰিলতো অসমত উপস্থিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। সেইবাৰ বাংলাদেশ মুক্তি যুদ্ধৰ নায়কসকলক সন্মান জনোৱাৰ বাবে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তেওঁ।

এই তিনিদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে আজি টুইট কৰে ৰাজনাথ সিঙে। তেওঁ লিখিছে- “তিনিদিনীয়া অসম আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে নতুন দিল্লী এৰিছো। মই সৈন্যৰ সৈতে বাৰ্তালাপ কৰিম আৰু ভ্ৰমণৰ সময়ত চেলা সুৰংগৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিম…”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply