নিউজ ডেস্কঃ দিল্লী বিমানবন্দৰত অঘটন। দিল্লীৰ পৰা বাংগালুৰ অভিমুখী ইণ্ডিগ’ বিমানত উৰণৰ সময়তে ইঞ্জিনত লাগিল জুই।

শুকুৰবাৰে নিশা ৯.৪৫বজাত ১৮০জন যাত্ৰী কঢ়িয়াই নিয়া বিমানখন উৰা মৰাৰ ঠিক কেইমূহুৰ্তমান আগতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বিমানখন তৎক্ষণাৎ ৰানৱেত ৰখাই দিয়া হয় আৰু লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ চেষ্টা কৰা হয়। তাৰপিছতেই দিল্লী বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

এই ঘটনাৰ পিছতেই অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ডিজিচিএ দ্বাৰা ঘটনা সন্দৰ্ভত পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়ে।

এই সমগ্ৰ দুৰ্ঘটনাটো প্ৰিয়ংকা কুমাৰ নামৰ এজন যাত্ৰীয়ে ম’বাইলত ভিডিঅ’ কৰি ৰাখে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে দিল্লীৰ পৰা উৰা মৰাৰ ঠিক আগতে বিমানখনৰ সোঁফালৰ এটা ইঞ্জিনত জুই লাগিছিল। পাইলটজনে লগে লগে বিমানখন ৰানৱেত ৰখাই দিছিল। এই ঘটনাত যাত্ৰীসকল যথেষ্ঠ আতংকিত হৈ উঠিছিল।

ঘটনা সন্দৰ্ভত ইণ্ডিগ’ই এক বিবৃতি যোগে কয়, “উৰণৰ সময়ত বিমানখনৰ ইঞ্জিনত যান্ত্ৰিক বিজুতি ঘটিছিল। পাইলটজনে লগে লগে বিমানখন ৰাণৱেত ৰখাই দিয়ে। সকলো যাত্ৰী আৰু কৰ্মচাৰী বৰ্তমান সুৰক্ষিত অৱস্থাত আছে। সকলো যাত্ৰীকে নিশা ১২.১৬ বজাত আন এখন বিমানেৰে তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱা হৈছিল। ”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply