নিউজ ডেস্কঃ আজি পুৱাৰ পৰা আৰম্ভ হৈছে দিল্লী পৌৰ নিগমৰ ভোটগণনা প্ৰক্ৰিয়া। বৰ্তমানলৈ ২০৬ টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে।
ইয়াৰে আম আদমি পাৰ্টীয়ে ১১০টা সমষ্টি আৰু বিজেপিয়ে ৮৯টা সমষ্টিত জয়ী হৈছে। ইফালে, কংগ্ৰেছে ৬টা সমষ্টিত জয়ী হৈছে ।
উল্লেখ্য় যে, দিল্লী পৌৰ নিগমৰ আছে মুঠ ২৫০টা ৱাৰ্ড। আৰু ১৩৪৯ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় হ’ব আজি ভোটগ্ৰহণ পৰ্ব অন্ত পৰাৰ পাছত।
গুজৰাটৰ বিধান সভা নিৰ্বাচনৰ প্ৰায় সমান্তৰালকৈ অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ গুৰুত্ব যথেষ্ট কিয়নো দিল্লী হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰৰ হাতত থকা মুখ্য তিনিটা বিভাগৰ ভিতৰত এটা হৈছে পৌৰ নিগম ।