নিউজ ডেস্কঃ পশ্চিম দিল্লীৰ চুলতানপুৰীত এগৰাকী ২০ বছৰীয়া মহিলাৰ মৃত্যুৱে সমগ্ৰ চহৰখনত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীয়ে মঙলবাৰে এক সংবাদমেলত এই ভয়ংকৰ ঘটনা সন্দৰ্ভত শেহতীয়া ঘটনাৰ বিষয়ে প্ৰকাশ কৰে।

ভুক্তভোগী গৰাকীৰ দুচকীয়া বাহনখন এখন গাড়ীয়ে খুন্দা মাৰিছিল আৰু তেওঁৰ শৰীৰটো বাহিৰৰ চুলতানপুৰীৰ পৰা কাঞ্জাৱালালৈ প্ৰায় ১৩ কিলোমিটাৰ দূৰলৈ চোঁচৰাই নিছিল। 

সংবাদমেল সম্বোধন কৰি দিল্লীৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে- ঘটনাটো সংঘটিত হোৱাৰ সময়ত ভুক্তভোগীৰ সৈতে থকা মহিলাগৰাকীয়ে তদন্তত তেওঁলোকৰ সৈতে সহযোগিতা আগবঢ়াইছে। 

আৰক্ষী বিষয়া সাগৰ প্ৰীত হুডাই সংবাদমেলত কয় যে- “মৃত ব্যক্তিগৰাকী স্কুটিখনত অকলে নাছিল। দুৰ্ঘটনাটোৰ সময়ত এজনী ছোৱালী তেওঁৰ সৈতে আছিল। দুৰ্ঘটনাটোৰ পিছত তেওঁ আঁতৰি গৈছিল ঘটনাস্থলীৰ পৰা। এতিয়া আমি এগৰাকী প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা পাতিছো। তেওঁ অনুসন্ধানত আমাৰ সৈতে সহযোগিতা কৰিছে। আমি আশাবাদী যে শীঘ্ৰেই আমি দোষীক শাস্তি দিবলৈ সক্ষম হম।’’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply