নিউজ ডেস্কঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰালভাৱে ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা ৷ কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে ।

সম্প্ৰতি প্ৰায় ৪০০ৰো অধিক লোকৰ দেহত পোৱা গৈছে ডেংগুৰ উপস্থিতি। ৰাজ্যখনত ডেংগুত আক্ৰান্ত হোৱা ঘটনাই স্বাস্থ্য বিভাগত চিন্তিত কৰি তুলিছে।

পাহাৰীয়া জিলাখনত ডেংগুৰ সংক্রমণ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনে। শেহতীয়াকৈ স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্রিয়াই জিলাখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সংক্রমণ ৰোধ কৰিবলৈ কিছু নীতি-নির্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সদৰী কৰা তথ্য অনুসৰি পহিলা নৱেম্বৰৰ পৰা সাত নৱেম্বৰলৈ ৰাজ্যত ৪২৭ জন লোক ডেংগুত আক্ৰান্ত হৈছে। ইয়াৰে ৪০০ জন কাৰ্বি আংলঙৰ, ১১জন গুৱাহাটী মহানগৰীৰ, দুজন নলবাৰীৰ আৰু দুজন চৰাইদেউ, দুজন ডিমাহাছাও, নগাঁও আৰু হোজাইৰ এজন, শোণিতপুৰৰ এজন, তিনিচুকীয়াৰ এজন ওদালগুৰিৰ এজন আৰু কৰিমগঞ্জৰ দুজন লোক সংক্ৰমিত হৈছে।

জানেনে কি এই ডেংগু ভাইৰাছ ?

ডেংগু নামৰ ভাইৰাচজনিত এই ৰোগটো হয় এডিচ এজিপ্টি নামৰ মহ বিধৰ কামোৰৰ বাবে। চাৰি ধৰণৰ ডেংগু ভাইৰাচৰ ভিতৰত যিকোনো এবিধ ভাইৰাচেই অসুখৰ সৃষ্টি কৰিব পাৰে। এবাৰ এই জ্বৰ হ’লে পৰৱৰ্তী সময়ত পুনৰ হোৱাৰ সম্ভাৱনা থাকে।

কিদৰে বিয়পে ?

মানুহ হৈছে ডেংগু ভাইৰাছৰ প্ৰধান আধাৰ। এডিচ এজিপ্টি মহৰ কামোৰত এজনৰ পৰা আনজনলৈ ৰোগৰ সংক্ৰমণ হয়। এই মহৰ বিশেষত্ব হ’ল ইহঁত ঘৰৰ ভিতৰতে থাকে। সেইবাবে সহজে ৰোগ বিয়পি পৰে। এজন ৰোগীক কামুৰি লগে লগে আন এজনক কামুৰিলে মহৰ দেহত ভাইৰাছ প্ৰৱেশ কৰে। তাৰ পাছত মহৰ দেহত ভাইৰাচটোৱে বংশবৃদ্ধি কৰে ।

এই ৰোগৰ লক্ষণ ?

সাধাৰণ ডেংগু জ্বৰ বিশেষকৈ প্ৰাপ্তবয়স্ক সকলৰ মাজত বেছিকৈ হয়। হঠাৎ জ্বৰ উঠে আৰু এই জ্বৰ দ্ৰুতভাৱে ১০৩ ডিগ্ৰী ফাৰেণহাইটৰ পৰা ১০৫ ডিগ্ৰী ফাৰেণহাইটলৈ উঠিব পাৰে। ইয়াৰ লগতে মূৰৰ বিষ আৰু চকুৰ ভিতৰফালে বিষ হোৱা দেখা যায়। তাৰোপৰি গা-হাত ভৰিত অসহ্য বিষ হয়। যাৰ বাবে ডেংগুৰ আন এটা নাম হাড়ভঙা জ্বৰ বহু সময়ত আঠুৰ বিষ আৰু গাত ৰঙা গুটি উঠে। জ্বৰৰ লগে লগে পেটৰ বিষ আৰু বমি হ’ব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply