প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈৰ বিশেষ ভাৱে সক্ষম মেধাৱী ছাত্ৰী ৰূপশিখা নাথৰ সফলতাত উৎফুল্লিত হৈ ছাত্ৰীগৰাকীৰ বাসগৃহত আহি উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত । ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ মন বিশেষ ভাবে সক্ষম ৰূপশিখাৰ।

উল্লেখ্য য়ে, ভূপেন্দ্ৰ নাৰায়ণ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৯.৬৭  শতাংশ, ব্ৰিলিয়েন্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৩.৬৭ শতাংশ, মঙলদৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ৮১.৫৪ শতাংশ নম্বৰ CUET পৰীক্ষাৰ জৰিয়তে JNU আসন লাভ কৰিবলৈ সক্ষম হৈছে।

৩ নবেম্বৰত দিল্লী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ  পাঠ্যক্ৰমত নামভৰ্তিৰ কৰে। ভৱিষ্যতে এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ মন পুহি ৰাখিছে ৰূপশিখাই।

ৰূপশিখা নাথৰ সফলতাৰ কাহিনী সবিস্তাৰে প্ৰচাৰ কৰাৰ পাছতেই উপস্থিত ডিজিপি ভাস্কৰ জ্যোতি মহন্তই সাহস আৰু প্ৰেৰণা দি কয় যে- এয়া আৰক্ষী বিভাগৰ বাবে ভাল খবৰ।

যিহেতু ৰূপশিখাৰ পিতৃ-মাতৃ দুয়োজনেই আৰক্ষী বিভাগৰে উপ পৰিদৰ্শক সেয়ে উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে মাক দেউতাকৰ চাকৰিৰ চুটি মঞ্জুৰ কৰা বাবে দায়িত্ব লয় সঞ্চালক প্ৰধান গৰাকীয়ে লগতে আৰ্থিক ভাৱে পঞ্চাশ হাজাৰ টকাও আগবঢ়াইছে সঞ্চালক প্ৰধান গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply