ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ ‘’নিৰ্মম ৰেগিঙৰ পৰা বাচিবলৈ’’ এজন ছাত্ৰই এটা দুমহলীয়া হোষ্টেলৰ বিল্ডিঙৰ পৰা জঁপিয়াই বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া এক ঘটনা সংঘটিত হৈছে।

ঘটনা সংক্ৰান্তত বিশ্ববিদ্যালয়খনৰ তিনিজন ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, উক্ত ৰেগিং কাণ্ডত আৰু বহু ছাত্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

ভুক্তভোগী ছাত্ৰজনক শিৱসাগৰ জিলাৰ আমগুৰীৰ M.Com প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰ আনন্দ শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ছাত্ৰজনৰ পৰিয়ালে অভিযোগ কৰা মতে আনন্দে কেইবা মাহ ধৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই সম্পৰ্কে অৱগত কৰি আহিছিল যদিও তেওঁলোকে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজি এনে এক পৰিস্থিতিৰ সৃষ্টি হ’ল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰ কেইজনক প্ৰাঞ্জিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত টুইটাৰ যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোষীক কৰায়ত্ত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে ভুক্তভোগী ছাত্ৰজনক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই কয়, ‘‘আমি বিষয়টোৰ তদন্ত কৰি আছো আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’’

ভুক্তভোগী ছাত্ৰজনৰ মাতৃ সৰিতা শৰ্মাই ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী থানাত পাঁচজন ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে, ইয়াৰ ভিতৰত এজন প্ৰাক্তন ছাত্ৰও আছে।

‘‘সিহঁতে তাৰ পৰা টকা আৰু মোবাইল ফোন কাঢ়ি নিয়াৰ লগতে তাৰ হাতত সুৰা আৰু গাঞ্জা ধৰাই আপত্তিজনক ফটো তোলে। সি কৰ্তৃপক্ষক তাৰ ওপৰত চলি অহা ৰেগিঙৰ কথা জনাই আহিছিল যদিও তেওঁলোকে কোনো গুৰুত্ব নিদিলে,’’ এজাহাৰত ছাত্ৰজনৰ মাতৃয়ে কয়।

নাম প্ৰকাশত অনিচ্ছুক বিশ্ববিদ্যালয়খনৰ আন এজন ছাত্ৰই ইষ্টম’জ’ক জনোৱা মতে ছাত্ৰজনে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিৱাস হোষ্টেলৰ ‘C’ ব্লকৰ ৱাৰ্ডেনক যোৱা ১৭ নৱেম্বৰত এক লিখিত অভিযোগ দাখিল কৰিছিল। কিন্তু কৰ্তৃপক্ষই এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে, ছাত্ৰজনে কয়।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০বি, ৩৪১, ৩৯৫, ৩০৭, ১৪৩-ৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্ৰীয়ে জানিবলৈ দিয়ে।

সোমবাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে টুইট কৰি উক্ত ঘটনাক তীব্ৰ গৰিহণা জনোৱাৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীক কঠোৰ ব্যৱস্থাগ্ৰহণৰ নিৰ্দেশ দিয়ে।

শেহতীয়া খবৰ অনুসৰি উক্ত ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি-ৰেগিং স্কোৱাড আৰু তদাৰকী গোটৰ বৈঠক চলি আছে।

লগতে পঢ়ক – ৬ দিন ধৰি বাহনসহ নিখোজ ব্যক্তি, ধেমাজিত চাঞ্চল্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply