নিউজ ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকত আছু ত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ছাত্ৰ সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথে।
দুবাৰকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নেতৃত্ব লোৱা দীপাংক নাথে বিবাহৰ বাবে এই সিদ্ধান্ত ল’লে নেকি বুলিও প্ৰশ্ন উঠিছে। আছুৰ এক বিশ্বস্ত সূত্ৰৰ মতে, বিবাহপাশত আৱদ্ধ হ’ব নাথ।
১৫ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব দীপাংক কুমাৰ নাথ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰূপা হাজৰিকাৰ সৈতে বিয়া হ’ব দীপাংক নাথ।
উল্লেখ্য যে, আছুৰ সংবিধানিক নিয়ম অনুসৰি বিবাহপাশত আৱদ্ধ হোৱা কোনো ছাত্ৰ নেতাই যিহেতু সংগঠনটোৰ সৈতে জড়িত হৈ থাকিব নোৱাৰে, সেয়েহে আছু ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ।
অৱশ্যে ছাত্ৰ সংগঠনটো ত্যাগ কৰাৰ পাছত কোনোবা ৰাজনৈতিক দলত দীপাংক কুমাৰ নাথে যোগদান কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এই প্ৰশ্নৰ উত্তৰ সময়তহে জানিব পৰা যাব।