নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। সাংবাদিকৰ আগত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘বিজেপিয়ে মোক প্ৰস্তাৱ দিছে যে- গুজৰাট নিৰ্বাচনৰ পৰা মই আঁতৰিব লাগে, তেতিয়াহে সত্যেন্দ্ৰ জৈন আৰু মনীষ ছিছদিয়াক এৰি দিব।’
চিবিআই-য়ে মনীষ ছিছদিয়াক সোধপোছ কম কৰিছে আৰু বেছিকৈ এই কথা কৈছে যে কেজৰিৱালৰ সংগ এৰি দিব লাগে, আপোনাক মুখ্যমন্ত্ৰী বনাম। চিবিআই-য়ে বাৰম্বাৰ এই কথা মনীষ ছিচদিয়াক কৈ আছে বুলি কয় কেজৰিৱালে।
অৰবিন্দ কেজৰিৱালে লগতে কয় যে- বিজেপি চৰকাৰত কিমান দুৰ্নীতি চলি আছে এই কথা যোৱা সপ্তাহত দলং খহি পৰা ঘটনাৰ পৰাই অনুমান কৰিব পাৰি। বিজেপি চৰকাৰে এই ঘটনাৰ মূল অপৰাধীক ৰক্ষণা বেক্ষণ দিছে।
আনহাতে, দিল্লীত বায়ু প্ৰদূষণ বৃদ্ধি পোৱা ক্ষেত্ৰত কেজৰিৱালে কয় যে- ‘হয় মই মানিছো দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। কিন্তু লাহে লাহে প্ৰদূষণ হ্ৰাস পাবলৈ ধৰিছে। ’