নিউজ ডেস্কঃ শুকুৰবাৰে মুক্তি লাভ কৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগানৰ ছবি দৃশ্যম-২।  এই ছবিখনৰ প্ৰথম ভাগ মুক্তি লাভ কৰাৰ পাছৰে পৰা অনুৰাগীয়ে ছবিখনৰ দ্বিতীয় ভাগৰ বাবে অপেক্ষা কৰি আছিল।

২০১৫চনত প্ৰথম ভাগ মুক্তি লাভ কৰাৰ পাছত দ্বিতীয় ভাগত অজয় দেৱগানৰ পৰিয়ালৰ সৈতে কি হয় সেয়া চাবলৈ দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰি আছিল দৰ্শকসকলে। আৰু অৱশেষত শুকুৰবাৰে মুক্তি পালে ছবিখনে।

বলিউডৰ ছবি ইখনৰ পাছত সিখন ফ্লপ হোৱাৰ সময়তে এখন ভাল ছবি হিচাপে দৰ্শক আকোৱালি লৈছে দৃশ্যম-২। মিডিয়া ৰিপৰ্ট অনুসৰি প্ৰথম দিনটোতে ছবিখনে উপাৰ্জন কৰে প্ৰায় ১৫ কোটি টকা। 

মুক্তিৰ পূৰ্বে ১২ কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰি থকা হৈছিল যদিও, ছবিখনে তাতকৈ অধিক উপাৰ্জন কৰি বলিউডৰ ভাল দিন অহাৰ এক আশা আনিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply