তৃতীয় Asia Pacific Google News Initiative (GNI) Innovation Challengeৰ অংশ হিচাপে নিৰ্বাচিত হৈছে ইষ্টম’জ’। এই কাৰ্যসূচীৰ দ্বাৰা উদ্ভাৱনীমূলক প্ৰকল্পসমূহক সমৰ্থন কৰা হয়, যিয়ে বহনক্ষম আৰু বৈচিত্ৰময় বাতৰি পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাত সহায় কৰে। 

এছিয়ে পেচিফিকৰ অন্তৰ্গত ১০খন দেশৰ ৰা নিৰ্বাচিত ১৯টা সংস্থা আৰু ভাৰতৰ ৬টা সংস্থাৰ ভিতৰত ইষ্টম’জ’ হৈছে Google News Initiative চমুকৈ জিএনআইৰ সমৰ্থনত নিজৰ উদ্ভাৱনীমূলক ধাৰণাসমূহ আগুৱাই নিয়াৰ বাবে অন্যতম। 

এই কাৰ্যসূচীৰ অংশ হিচাপে ইষ্টম’জ’ৱে নিউজ ৰিচপন্সিবল অৰ্থাৎ দায়বদ্ধ বাতৰিৰ পাঠকসকলৰ এটা সম্প্ৰদায় গঢ়ি তোলা আৰু তৃণমূল পৰ্যাৰ বাতৰিৰ উৎস গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে আৰু লগতে পাঠক সকলক শক্তিশালী কৰাৰ লগতে অংশীদাৰ সকলক প্ৰভাৱশালী প্ৰতিবেদনৰ বাবে অৱদানকাৰীলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে।

ইফালে, জিএনআই-য়ে এক বিবৃতিত কয় যে, “এই প্ৰকল্পসমূহে বিজ্ঞাপনৰ ৰাজহৰ আৰ্হিৰ পুনৰ চিন্তা কৰা, অধিক বৈচিত্ৰময় দৰ্শকৰ সৈতে জড়িত হোৱা, অপ্ৰতিনিধিত্বশীল সম্প্ৰদায়সমূহৰ মাজত প্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু অনলাইন ভুল তথ্য চিনাক্ত কৰা আদি প্ৰত্যাহ্বানসমূহৰ সমাধান প্ৰদৰ্শন কৰে।”

আনহাতে, ইষ্টম’জ’ৰ মুখ্য সম্পাদক কৰ্মা পালজ’ৰে কয় যে, “ছ’চিয়েল মিডিয়াৰ আগমনৰ পাছতো নিউজ ৰূম আৰু পাঠকৰ মাজৰ ব্যৱধান পূৰ্বতকৈ অধিক। বেছিভাগ সময়তে সংবাদ গোষ্ঠীৰ কাৰ্যালয়লৈ অহা ই-মেইল, চিঠি আৰু ফোনবোৰৰ ক্ষেত্ৰত উদাসীন সঁহাৰি পাঠক-দৰ্শকে লাভ কৰে। পাঠক-দৰ্শকসকলে বছৰ বছৰ ধৰি নাজানে যে তেওঁলোকৰ হাতত উপলব্ধ বাতৰি পঠিয়াবলৈ কাৰ সৈতে যোগাযোগ কৰিব লাগে।”

ইফালে, ইষ্টম’জ’ৰ সহ-প্ৰতিষ্ঠাপক তনুশ্ৰী হাজৰিকাই কয় যে- ‘ ‘citizen journalist’তকৈ নিজৰ অধিকাৰৰ প্ৰতি সচেতন আৰু ‘দায়বদ্ধ বাতৰি’ পাঠকৰ এটা সম্প্ৰদায় গঢ়ি তোলাই হৈছে আমাৰ লক্ষ্য়।’

উল্লেখ্য যে, জিএনআইৰ এই কাৰ্যসূচীৰ বাবে নিৰ্বাচিত অন্যান্য় ভাৰতীয় প্ৰকাশনসমূহৰ ভিতৰত আছে ক্ৰমে PublicNext, The Ken, Newslaundry, Mojo Story and Scroll Media

নিৰ্বাচিত প্ৰকল্প সমূহে প্ৰান্তীয় সম্প্ৰদায়সমূহৰ মাজত কণ্ঠৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা, অন্তৰ্ভুক্তিৰ বাবে এক বিশেষ আৰ্হিত বাতৰি প্ৰদান কৰা আৰু একাধিক স্থানীয় ভাষাত সুলভ মাল্টিমিডিয়া বাতৰি সৃষ্টি কৰিবলৈ ডিজিটেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply