গুৱাহাটীঃ বিদ্যুৰ মাচুল অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে বিদ্যুৎ গ্ৰাহকক অভিযোগ দাখিল কৰিবৰ বাবে এপিডিচিএলে দুটা হোৱাটছএপ নম্বৰ মুকলি কৰিছে। এপিডিচিএলে মুকলি কৰা নম্বৰ দুটা হৈছে ১৯১২ আৰু ৭৫৭৫৯৯৯৬৬৬। এই নম্বৰ দুটাত যোগাযোগ কৰি গ্ৰাহকে বিদ্যুৎ বিল বৃদ্ধি পোৱা আৰু স্মাৰ্ট মিটাৰ সংক্ৰান্তীয় অভিযোগ জনাব পাৰিব।

যদি কোনো গ্ৰাহকৰ পৰা এপিডিচিএলে অতিৰিক্ত মাচুল আদায় কৰিছে তেনেহ’লে বিষয়টো পৰীক্ষা কৰি পৰৱৰ্তী মাহত সেই মাচুল বিদ্যুৎ বিলৰ সৈতে মিলাই দিব।

উল্লেখ্য যে,মাচুল বৃদ্ধিক লৈ এপিডিচিএলৰ ছফটৱেৰ সংক্ৰান্তীয় ক্ৰটী আৰু স্মাৰ্ট মিটাৰ সংস্থাপনৰ অনিয়ম আদি বহু তথ্য পোহৰলৈ আহিছে। এই বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো সংবাদমাধ্যমৰ আগত কয় যে বিদ্যুতৰ বিলক লৈ আপত্তি থকা ব্যক্তিয়ে এপিডিচিএলক আবেদন কৰিব পাৰে । এ পি ডি চি এলে মিটাৰ পৰীক্ষা কৰিব আৰু পৰৱৰ্তী মাহত মিলাই দিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply