ৰাজৰ্ষি চহৰীয়া
ছাবস্ক্ৰিপশ্যন। বিষয়টোৱেই কিবা এটা প্ৰাইম প্ৰাইম লগা। ভিডিঅ’ চাব? ছাবস্ক্ৰিপশ্যন ল’ব লাগিব। এমাজন প্ৰাইম, নেটফ্লিক্ট, ভুত, হটষ্টাৰ। চবতেই। ফে’চবুক নকৰা মানুহনো কেইজন আছে আজিৰ তাৰিখত? ইউটিউব নোচোৱা মানুহনো কেইজন আছে আজিৰ তাৰিখত? ফে’চবুকত ফটো এখন পোষ্ট কৰিবলৈও আপুনি দিব লাগিব ধন।
এই যে ধুনীয়া ধুনীয়াকৈ ছেলফি লৈ মুহুৰ্ততে ইনষ্টাগ্ৰামৰ লগত কানেক্ট কৰি ফে’চবুকত পোষ্ট কৰি দিয়ে। লাইক কমেণ্টে যে আপোনাক ডিজিটেল সন্তুষ্টি দিয়ে? এতিয়া এইবোৰ সন্তুষ্টিৰ বাবেও দিব লাগিব ধন। আপোনাৰ ফে’চবুক বা ইউটিউব বা ইনষ্টাগ্ৰামৰ প্ৰ’ফাইল নামটোৰ কাষত ব্লু টিক এটা থাকিলে এনেও অলপ প্ৰাইম প্ৰাইম লাগেই দিয়কচোন।
এতিয়া এইবোৰৰ বাবে ধন দিব লাগিব। ফে’চবুক, ইনষ্টাগ্ৰামে এইবোৰ কাহিনী এতিয়াই আৰম্ভ কৰা নাই যদিও বিশ্বৰ অন্যতম জনপ্ৰিয় মাইক্ৰ’ব্ল’গিং ছাইট টুইটাৰে আৰম্ভ কৰিবলৈ লৈছে ছাবস্ক্ৰিপশ্যন ছাৰ্ভিছ। টুইটাৰ সত্বাধিকাৰ ইলন মাস্কে ইতিমধ্যে ইংগিত দিছেই যে টুইটাৰত এই Blue Tickৰ বাবে দিব লাগিব ধন।
আপোনালোকৰ টুইটাৰ একাউন্ট আছে? যদি আছে তেন্তে আপোনালোকৰে মাজৰ একাংশ এনে লোকো আছে যিসকলৰ টুইটাৰ একাউন্টত আছে Blue Tick অৰ্থাৎ Verified Account । সমাজত জনপ্ৰিয় বিশিষ্ট ব্যক্তি সকলৰ টুইটাৰ একাউন্টত Blue Tick থাকেই। কিন্তু এই Blue Tickৰ বাবে ব্যৱহাৰীকাৰী সকলে একো কৰিব নালাগে। টুইটাৰৰ এক Cash Without Process থাকে, যাৰ অধীনত এই Blue Tick প্ৰদান কৰা হয়।
পিছে এতিয়া এই Blue Tickৰ বাবে দিব লাগিব ধন। কিয়নো এই মাইক্ৰ ব্লগিং ছাইটৰ নতুন সত্বাধিকাৰ হৈছে ইলন মাস্ক। আৰু ইলন মাস্কে এই নতুন নিয়ম জাৰি কৰিছে টুইটাৰ ব্যৱহাৰকাৰী সকলৰ বাবে। এতিয়া আপোনালোকৰো মনত নিশ্চয় প্ৰশ্ন উত্থাপন হৈছে যে- কিমান ধন দিব লাগিব, কেতিয়া দিব লাগিব আৰু কাক এই ধন দিব লাগিব?
টুইটাৰৰ লেকাম নিজৰ হাতত লোৱাৰ পাছতে ইলন মাস্কে কোম্পানীটোৰ CEO পৰাগ আগৰৱালকে ধৰি বহু কেইগৰাকী উচ্চপদস্থ বিষয়াক বাহিৰৰ বাট দেখুৱাই দিছে। আৰু এফালৰ পৰা চাহপাত চেকণীৰে চেকাৰ দৰে ইলন মাস্কে আৰু বহু কেইগাৰকী কৰ্মচাৰীক কোম্পানীৰ পৰা উলিয়ায় দিয়াৰ সম্ভাৱনা আছে।
যেতিয়াৰ পৰা Billionier ইলন মাস্ক কোম্পানীটোৰ সত্বাধিকাৰ হৈছে তেতিয়াৰ পৰাই প্ৰায় প্ৰতিদিনাই কিবা নহয় কিবা নতুন নিয়ম জাৰি কৰিছে বা নিয়মৰ সালসলনি কৰি আহিছে। তাৰ ভিতৰতে এটা হৈছে Blue Tick ৰ বাবে Verification Process ।
টুইটাৰত Blue Tickৰ বাবে ইলন মাস্কে প্ৰায় ২০ ডলাৰ অৰ্থাৎ ১৬০০ টকা ছাৰ্জ কৰাৰ সম্ভাৱনা থকা বুলি বাতৰি প্ৰকাশ হৈছিল। কিন্তু আজি ইয়াক লৈ মাস্কে কিছু ইংগিত দিয়ে।
ইলন মাস্কে কয় যে- টুইটাৰত Blue Tickৰ বাবে ২০ ডলাৰ নহয়, ৮ ডলাৰ অৰ্থাৎ ৬৫০ টকা দিব লাগিব। এই কথা তেওঁ টুইটাৰত জনপ্ৰিয় লেখক ষ্টিফেন কিঙৰ এটা টুইটাৰত ৰিপ্লায় দি জনায়।
ষ্টিফেন কিঙে টুইটটোত লিখিছিল- ‘Blue Tickৰ বাবে ১৬০০ টকা দিব লাগিব? ওলোটাই তেওঁলোকেহে মোক টকা দিব লাগে।’ আৰু এইটোত ৰিপ্লায় দি ইলন মাস্কে লিখিছে- ‘আমি যিকোনো ধৰণে বিল সমূহৰ ধন পৰিশোধ কৰিবই লাগিব! টুইটাৰে সম্পূৰ্ণৰূপে বিজ্ঞাপনদাতা সকলৰ ওপৰত ভৰসা কৰি থাকিব নোৱাৰে। পিছে ৮ ডলাৰৰ বিষয়ে কি ভাবে?’
অৱশ্যে এতিয়ালৈকে স্পষ্টকৈ কোনো কথা জানিব পৰা হোৱা নাই। ইফালে, পূৰ্বে মিডিয়া ৰিপৰ্ট অনুসৰি, যিসকল লোকৰ টুইটাৰ একাউন্টত Blue Tick আছে, তেওঁলোকক ইয়াৰ Subscriptionৰ বাবে ৯০ দিনৰ সময় দিয়া হ’ব বুলি কোৱা হৈছিল।
চাবলৈ গ’লে এইবোৰ সকলো একো একোটা সম্ভাৱনাহে। কিয়নো এতিয়ালৈকে টুইটাৰ বা খোদ ইলন মাস্কে ইংগিততে সকলো কৈছে যদিও, স্পষ্টকৈ Blue Tickৰ বাবে কিমান ধন দিব লাগিব সেই বিষয়ে কোনো ঘোষণা কৰা নাই।
টুইটাৰ ব্যৱহাৰকাৰীসকলে Blue Tickৰ বাবে ধন দিব নলগাটো ভাল খবৰ। কিন্তু যদি সঁচাকৈ ৮ ডলাৰ দিব লাগে তেন্তে ইয়াৰ প্ৰভাৱ পৰিব পাৰে আনবোৰ Social Media কোম্পানীত একাউন্ট থকা লোকসকলৰ ওপৰতো।
যদি টুইটাৰে এনে ধৰণে Subscription বিচাৰে Blue Tickৰ বাবে তেন্তে পাছলৈ হয়তো ফেচবুক, ইনষ্টাগ্ৰামতো আপোনালোকে Blue Tick বা আন যিকোনো সুবিধাৰ বাবে ধন দিব লাগিব পাৰে। ইয়াক কোনো পধ্যেই নুই কৰিব নোৱাৰে।
এনে দিন এটাও আহিব পাৰে যেতিয়া ফেচবুক একাউন্ট বা পেজ আৰু ইনষ্টাগ্ৰাম একাউন্টত থকা Blue Tickৰ বাবে ল’ব লাগিব Subscription । মাহে মাহে ধন নিদিলে আঁতৰাই দিয়া হ’ব পাৰে আপোনালোকৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম একাউন্টৰ পৰা Blue Tick।
আমি প্ৰায়ে দেখা পাই আহিছো যে, কোনোবা এটা নতুন Idea বা Feature কোনোবা এটা ছচিয়েল মিডিয়া Plateform-য়ে ব্যৱহাৰ কৰিলে আন ছচিয়েল মিডিয়া কোম্পানীসমূহেও সেই সুবিধা ব্যৱহাৰকাৰীসকলক উপলব্ধ কৰায়। উদাহৰণস্বৰূপে Reels, Live আদিৰ সুবিধাসমূহ।
এতিয়া ইলন মাস্কৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব Blue Tickৰ এই বিষয়টো কোন দিশে আগবাঢ়িব। আৰু আগন্তুক দিনত ফেচবুক, ইনষ্টাগ্ৰামৰ তৰফৰ পৰাও আহিব নেকি এনে ধৰণৰে ইংগিত। আৰু যদি সঁচাকৈ Blue Tickৰ বাবে ধন দিব লাগে তেন্তে আপোনালোকেই আমাক কমেন্ট কৰি জনাওঁক যে কিমান টকা প্ৰতি মাহে দিবলৈ আপোনালোক সাজু?