নিউজ ডেস্কঃ ইলন মাস্কে টুইটাৰৰ লেকাম হাতত লোৱাৰ পাছৰে পৰা কোম্পানীটোৰ পৰা এতিয়ালৈকে বহু কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। স্থায়ী কৰ্মচাৰীৰ পাছত এইবাৰ ইলন মাস্কে কোনো আগজাননী নিদিয়াকৈয়ে প্ৰায় ৪ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীক কোম্পানীৰ পৰা বাহিৰ কৰি দিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, টুইৰাৰ সৈতে জড়িত এগৰাকী ব্যক্তিয়ে জনাইছে যে- প্ৰায় ৪ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰা অফিচিয়েল ই-মেইল, অনলাইন ছাৰ্ভিচ আৰু কোম্পানীৰ ভিতৰুৱা যোগাযোগৰ অধিকাৰ তথা এক্সেছ কাঢ়ি লোৱা হৈছে।
ব্যক্তিগৰাকীয়ে টুইট কৰিছিল যে- ‘আপডেটঃ কোম্পানীৰ সূত্ৰ অনুসৰি মোক জনোৱা হৈছে যে, টুইটাৰো কোম্পানীৰ ৪০০০-৫০০০ ঠিকাভিত্তিক কৰ্মচাৰীক কামৰ পৰা বাহিৰ কৰি দিছে…।’