নিউজ ডেস্কঃ প্ৰায়ে চৰ্চাত থকা বিলিয়নেৰ ইলন মাস্কে কিছুদিন পূৰ্বে ইংগিত দিছে যে- টুইটাৰত ব্লু টিকৰ বাবে ধন দিব লাগিব। কোম্পানীটোৰ সত্বাধিকাৰ হোৱাৰ পাছৰে পৰা বহু সালসলনি কৰিছে মাস্কে।
তাৰ মাজৰে এটা হৈছে ব্লু টিক। টুইটাৰ একাউন্টত ব্লু টিকৰ বাবে এতিয়া ছাবস্ক্ৰীপশ্যন ল’ব লাগিব। ইয়াৰ বাবে দিব লাগিব প্ৰায় ৮ ডলাৰ।
ইফালে, ভাৰতৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে এই সন্দৰ্ভত ইলন মাস্কক প্ৰশ্ন কৰে যে- ভাৰতত এই নিয়ম কেতিয়াৰ পৰা জাৰি কৰা হ’ব? কেতিয়াৰ পৰা ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰীয়েও ব্লু টিকৰ বাবে দিব লাগিব ধন ?
এই প্ৰশ্নৰ উত্তৰ ইলন মাস্কে টুইট কৰি কয় যে- এমাহৰো কম সময়ত এই নিয়ম জাৰি কৰা হ’ব। ইলন মাস্কে এই কথা স্পষ্ট কৰি দিয়াৰ পাছতে নিশ্চিতভাৱে ব্লু টিকৰ বাবে যে ছাবস্ক্ৰীপশ্যন ল’ব লাগিব ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰী সকলে।