নলবাৰীৰ পৰা ৰাজীৱ অগস্তি
অনিশ্চিত মৃত্যুই খেদি ফুৰিছে এখন গাৱৰ প্ৰতিজন মানুহক৷ গাওঁখনত বহুতে বুকুত অযুত সপোন আঁকোৱালি অকালতে সামৰিছে জীৱন ৷ গৰ্ভৱতী মাতৃয়ে সুস্থ সবল সন্তান জন্ম দিব পাৰে নে নাই তাৰো কোনো নিশ্চয়তা নাই ৷ নলবাৰী জিলাৰ বালিতাৰা গাঁৱৰ মানুহৰ এয়া জীয়া বেদনাৰ কাহিনী ৷ পানীৰ নামত বিষাক্ত ফ্ল’ৰাইড আৰ্চেনিক সেৱন কৰি তিল তিল কৈ মৃত্যুৰ দিশলৈ আগবঢ়া মানুহৰ মৰ্মন্তুদ কাহিনী৷ প্ৰায় তিনি দশক ধৰি মৃত্যুৰ স’তে যুঁজি থকা গাওঁবাসীয়ে চৰকাৰৰ প্ৰতিও যেন ক’ৰবাত ক্ষোভ উজাৰিছে ৷
নলবাৰী জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত তেনেই সাধাৰণ গাঁও বালিতাৰা। চহা জীৱনৰ এক অমোঘ নিদৰ্শন এই গাঁৱৰ নিস্তৰংগ জীৱন যাত্ৰাৰ আঁৰত সন্তৰ্পনে লুকাই আছে মৃত্যুৰ বিভীষিকা। প্ৰতি মূহুৰ্ততে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ আশংকাই খেদি ফুৰে এই গাঁৱৰ বাসিন্দাক। কিয়নো এই গাঁৱৰ ভু-গৰ্ভস্থ পানীত মিহলি হৈ আছে বিষাক্ত ফ্ল’ৰাইড আৰু আৰ্চেনিক। এই বিষাক্ত পানী সেৱন কৰি বিগত সময়ছোৱাত বালিতাৰাৰ বহু লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। আনহাতে বহু লোকে অদ্যপি মৃত্যুৰ ক্ষণ গণিছে।
গাঁওখনৰ এগৰাকী শিক্ষিত যুৱক ৰঞ্জন বৰ্মনে সদৰী কৰা মতে, বালিতাৰাৰ ভুগৰ্ভস্থ পানীত ফ্ল’ৰাইড আৰু আৰ্চেনিক থকাৰ কথা পোহৰলৈ আহিছিল আজিৰ পৰা প্ৰায় ৮ বছৰ পূৰ্বে। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা অহা এটি বিশেষজ্ঞৰ দলে এই তথ্য উদ্ধাৰ কৰিছিল। এই অধ্যয়নত পোৱা ভয়ংকৰ তথ্যৰ পিছতে হুৱা-দুৱা লাগিল গাঁওবাসীৰ মাজত। বিগত সময়ছোৱাত বালিতাৰাবাসীয়ে কৰ্কট ৰোগৰ লগতে আন কেতবোৰ ভয়াবহ ৰোগৰ সতে যুঁজ দি আহিছিল। অৱশেষত এয়া যে ভূগৰ্ভত থকা আৰ্চেনিক আৰু ফ্লোৰাইডৰ বাবে হৈছে সেয়া স্পষ্ট হৈ পৰিল ৷ চৰকাৰী ভাৱে অনুসন্ধান চলাই আৰ্চেনিক আৰু ফ্লোৰাইডৰ সন্ধান পোৱা দমকলবোৰত ৰঙা চিহ্ন দিয়া হল৷
পানীৰ বাবে আন এক সংগ্ৰাম
ইয়াৰ পিছতে গাওঁবাসীয়ে বিশুদ্ধ খোৱাপানী বাবে আৰম্ভ কৰিবলগীয়া হ’ল অন্য এক নতুন সংগ্ৰাম। চৰকাৰে ৰূপায়ন কৰি থকা জলজীৱন মিছন এই গাওঁখনত বৰ্তমানলৈ সফলভাৱে ৰূপায়ন নোহোৱাৰ বাবে বহু মানুহে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। সম্প্ৰতি বালিতাৰা গাৱত প্ৰায় ২০০ মানুহ দুৰাৰোগ্য কৰ্কট ৰোগত ভুগি থকাৰ উপৰি ইয়াৰে বহু কেইজনৰ ইতিমধ্যে মৃত্যু হৈছে বুলিও বৰ্মনে সদৰী কৰে৷
বালিতাৰা গাৱৰ গাওঁবুঢ়াক এই সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “গাওঁখনৰ ভুগৰ্ভত আৰ্ছেনিক আৰু ফ্ল’ৰাইড পোৱাৰ পিছত চৰকাৰে বিশুদ্ধ খোৱাপানী যোগান ধৰিছে যদিও এই প্ৰচেষ্টাই কিন্তু এই পৰ্যন্ত আটাইখিনি মানুহক সামৰিব পৰা নাই৷ চৰকাৰে গাওঁখনত ৫ কোটি টকাৰ প্ৰকল্প লৈছে যদিও ইয়াৰ বহু কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই৷ তেওঁ দুখেৰে আৰু জনায় যে ৪ বছৰ পূৰ্বে বলিতাৰা গাওঁত একেলগে বহু মানুহৰ কৰ্কট ৰোগত মৃত্যু হৈছিল৷
ইফালে বনভাগ বতাহঘিলা নাহেৰবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিতেশ বৰ্মনে বালিতেৰাৰ দুখৰ কাহিনী বৰ্ণনা কৰি কয় যে সম্প্ৰতি গাওঁখনৰ নতুন প্ৰজন্ম শংকিত হৈ পৰিছে৷ কোন মানুহৰ কি দুৰাৰোগ্য ৰোগ দেখা দিব তাক লৈ প্ৰতিজন মানুহ চিন্তাক্লিষ্ট হৈ থাকে৷ তেওঁ বাস কৰা বালিতাৰাৰ ন-খাট চুবুৰীৰ প্ৰতিঘৰ মানুহৰ এজনকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ বিগত ৩০ বছৰত তেওঁৰ নিজৰ পৰিয়ালৰে ৪ জনকৈ লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷
উল্লেখ্য যে চৰকাৰীভাৱে পানী পৰীক্ষা কৰাৰ সময়ত ৯৯% ফ্ল’ৰাইড পোৱা গৈছিল৷ চৰকাৰে গাওঁখনক ইতিমধ্যে আদৰ্শ গাওঁ ঘোষণা কৰিছে যদিও গাওঁখনত যোগান ধৰা পানী পুনৰ পৰীক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই৷ যোগান ধৰা পানী কিমান বিশুদ্ধ সেয়াও সন্দেহজনক।
ভূগৰ্ভস্থ জলভাণ্ডাৰত বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ সন্ধান পোৱাৰ পিছত চৰকাৰীভাৱে গাৱঁৰ কেবাটাও দমকলৰ পৰা পানী নিষ্কাশন নিষিদ্ধ কৰা হ’ল। কিন্তু প্ৰায় ৫০০০ জনসংখ্যাৰ এই গাঁৱত প্ৰয়োজন দৈনিক ৫ লাখ লিটাৰ পানীৰ। চৰকাৰীভাবে চাৰিটাকৈ প্ৰদূষণমুক্ত খোৱাপানী যোগান প্ৰকল্প মুকলি কৰা হ’ল যদিও গাঁৱৰ চাহিদা পূৰণ কৰিবলৈ এই প্ৰকল্পকেইটা এতিয়াও অপাৰগ। যাৰ ফলত বহু পৰিয়ালে এতিয়াও বিভাগীয়ভাৱে ৰঙা চিন দিয়া দমকলক পৰাই পানী খাবলৈ বাধ্য হৈছে ৷
সামাজিক ব্যাধি!
বৈবাহিক ক্ষেত্ৰতো গাওঁবাসী সমূখীন হৈছে ভয়ংকৰ সমস্যাৰ। গাওঁবাসীৰ মত অনুসৰি, বালিতাৰা গাঁওৰ ছোৱালী বিয়া কৰাবলৈ কুণ্ঠাবোধ কৰে অন্য ঠাইৰ মানুহে৷ বিবাহৰ জৰিয়তে বালিতাৰাৰ সৈতে সম্পৰ্ক হ’লে তেওঁলোকো কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি সন্দেহ কৰে কাষৰীয়া গাওঁৰ লোকে। – এই মন্তব্য এই গাওঁৰ যুৱক প্ৰাঞ্জল বৰ্মনৰ ৷
ক্ৰনিক আৰ্চেনিক বিষক্ৰিয়া হলে মানুহ অকালতে বৃদ্ধ হোৱাৰ উপৰি দাঁত চাল স্নায়ুৰ সমস্যাৰ সমূখীন হয়। তেজৰ কৰ্কট ৰোগ, এনিমিয়া তথা অন্যান্য কৰ্কট ৰোগতো আক্ৰান্ত হোৱা দেখা যায় এনে সমস্যাৰ পৰা। প্ৰতি লিটাৰ পানীত ফ্ল’ৰাইডৰ পৰিমাণ ১.৫ মিলিগ্ৰাম হ’লে কোনো ক্ষতি নহয়।পিছে এই গাওঁৰ পানীত ইয়াৰ পৰিমান বহু বেছি। এই কথা সদৰী কৰে বালিতাৰা গাৱৰ যুৱক তথা চিকিৎসক ডাঃ কমল কৃষ্ণ পাটোৱাৰীয়ে৷
প্ৰান্তত –
অৱশ্যে নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা চন্দন পাঠকে কয় যে প্ৰতিজন ব্যক্তিৰ বিপৰীতে ৫৫ লিটাৰকৈ পানী গাঁওবাসীক যোগান ধৰিবলৈ চেষ্টা কৰা হৈছে। চৰকাৰে এই বিষয়ত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে৷ বালিতাৰাত এই সমস্যা সমধানৰ বাবে অহৰহ চেষ্টা চলাই থকা হৈছে৷
চৰকাৰী ব্যৱস্থা –
নিঃসন্দেহে চৰকাৰী ব্যৱস্থাৰে কৰা এই যোগান পৰ্যাপ্ত নহয়। বালিতাৰা গাঁৱৰ কাষেৰে বৈ গৈছে খৰস্ৰোতা পাগলদিয়া নদী। এই নদীৰ পানীৰে অঞ্চলটোৰ ৰাইজৰ খোৱাপানীৰ অভাৱ দূৰ কৰিব পৰা যায়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এইপৰ্যন্ত পাগলদিয়া নদীৰ পৰা বালিতাৰা গাঁৱলৈ খোৱাপানী যোগানৰ কোনো ব্যৱস্থা চৰকাৰী ভাবে কৰা পৰিলক্ষিত নহ’ল।