গুৱাহাটীঃ শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটত চিকিৎসা মহাবিদ্যালয়ত বয়সৰ শিথিলকৰণ কৰা হয়। চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰৱেশ পৰ্যায়ৰ পদত আবেদনকাৰীৰ বয়সৰ উচ্চ সীমা সাধাৰণ শ্ৰেণীৰ বাবে ৩৮ৰ পৰা ৪০ বছৰ, অ’বিচি–এমঅ’বিচিৰ বাবে ৪১ৰ পৰা ৪৩ বছৰ, এছটি–এছচি শ্ৰেণীৰ বাবে ৪৩ৰ পৰা ৪৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকত।

২০২২–২৩ শৈক্ষিক বৰ্ষৰ পৰা অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত মহাবিদ্যালয়ৰ অনুসূচী–৩ (প্ৰথম বৰ্ষৰ MBBS/BDS) পাঠ্যক্ৰমত নামভৰ্তিৰ নিয়মাৱলী) নিয়ম ২০১৭ আৰু (সংশোধনী) নিয়মাৱলী, ২০২১ সংশোধন কৰাৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত ছটা সম্প্ৰদায়ৰ ২খনকৈ আসন বৃদ্ধি কৰা হৈছে। প্ৰাক্তন কৰ্মচাৰীৰ শাখাত বিডিএছ পাঠ্যক্ৰমত ৩খন আসন সংৰক্ষিত কৰাৰ সিদ্ধান্ত।

এইবাৰ দুৰ্গা পূজা উপলক্ষে অসম চাহ নিগম লিমিটেডলৈ ইয়াৰ কৰ্মচাৰী–শ্ৰমিকক দুৰ্গা পূজাৰ বোনাছ প্ৰদানৰ বাবে ১৮.০২ কোটি টকা মুকলি কৰা হৈছে।

এক চুক্তি সম্পন্ন কৰি ওপঙা সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে অসম মীন উন্নয়ন নিগম লিমিটেড (এএফডিচিএল)ৰ অধীনত বিলৰ ব্যৱহাৰকাৰী অধিকাৰ ৩০ বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)লৈ স্থানান্তৰ।

১২০.২ কোটি প্ৰস্তাৱিত বাজেটৰ সৈতে ৭ বছৰৰ বাবে অসম পশু খাদ্য মিছন স্থাপন কৰা হ’ব। ৪০,৯০০ হিতাধিকাৰীৰ প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ তথা অত্যাধুনিক খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৮৫ গৰাকী দুগ্ধ পালকৰ বাবে নিয়োগ সৃষ্টি।

চিটী গেছ ডিষ্ট্ৰিবিউচন পাইপলাইন (চিজিডিপি) স্থাপনৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিবলৈ উপায়ুক্তৰ জৰিয়তে সময় নিৰ্ধাৰিত পদ্ধতিৰে ৰাইট অব ৱেৰ বাবে খননৰ অনুমতি প্ৰদান কৰা হ’ব।

ঔদ্যোগিক উদ্দেশ্যৰে চক্ৰ বিষয়াসকলে কেৱল চিজিডিপি স্থাপনৰ বাবে ১০ বিঘাপৰ্যন্ত কৃষিভূমি পুনঃশ্ৰেণীভুক্ত তথা হস্তান্তৰকৰণ কৰিব পাৰিব।

নীৰ নিৰ্মল পৰিযোজনা সূচাৰুৰূপে ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি ৩খন জিলা কামৰূপ (মহানগৰ), যোৰহাট আৰু হাইলাকান্দিত বৃহৎ মাল্টী–ভিলেজ আঁচনি সম্পূৰ্ণ কৰাৰ বাবে অতিৰিক্ত ৪৬.৩৮ কোটি আবণ্টন।

প্ৰয়োজনীয় বিত্তীয় অনুমোদনৰ সন্মতি প্ৰদান কৰাৰ বাবে বিদ্যমান নিৰ্দেশনাৱলীত ৬টা সংশোধনৰ সৈতে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰা হ’ব।

অক্টোবৰ ২০২২ৰ ভিতৰত ই ঋণদাতাসকলক অতিৰিক্ত পৰিমাণৰ ব্যৱস্থা অন্তৰ্ভুক্তিৰে প্ৰায় ১.০৭ লাখ হিতাধিকাৰীক সামৰি ল’ব আৰু ডিচেম্বৰ ২০২২ৰ ভিতৰত জিলা অনুসৰি হিতাধিকাৰীসকলক উদগনি ৰাশি প্ৰদান কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply