নিউজ ডেস্কঃ ফুটবল বিশ্বকাপৰ আজিৰ খেলখনত ভাগ লৈছে অষ্ট্ৰেলিয়া আৰু টিউনিচিয়াই। বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হৈছে খেলখন।
এতিয়ালৈকে এই দুয়োখন দেশৰ ফুটবল দলে এখনকৈ মেচ খেলিছে। আৰু গ্ৰুপৰ তালিকাত অষ্ট্ৰেলিয়াৰ স্থান চতুৰ্থ, টিউনিচিয়াৰ স্থান দ্বিতীয়।
উল্লেখ্য় যে, ফুটবল বিশ্বকাপ জয়ৰ বাবে ভাগ লৈছে বিশ্বৰ ৩২ খন দেশে। প্ৰথমখন মেচত অষ্ট্ৰেলিয়াই ফ্ৰান্সৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে টিউনিচিয়াই প্ৰথমখন মেচত ডেনমাৰ্কৰ বিপক্ষে ড্ৰ’ খেলিছিল।