স্পৰ্টছ ডেস্ক – পুনৰ স্বপ্নভংগ হ’ব লিঅ’নেল মেছিৰ? পুনৰ স্বপ্নভংগ হ’ব ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ? এনেধৰণৰেই ভৱিষ্যদ্বাণী আহিছে আধুনিক নষ্ট্ৰাডামুৰ পৰা। ইতিমধ্যে ক’ভিড -১৯ মহামাৰী, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, ব্ৰিটেইনৰ ৰাণীৰ মৃত্যু, এইসকলোবোৰ ঘটনাৰে ভৱিষ্যদ্বাণী আখৰে-আখৰে ফলিয়াইছিল এইগৰাকী নষ্ট্ৰাডামুৰ। এই নষ্ট্ৰাডামুৱেই এইবাৰ কাটাৰ বিশ্বকাপক লৈ ভৱিষ্যদ্বাণী কৰিছে। কৈছে, পুনৰ স্বপ্নভংগ হ’ব আধুনিক ফুটবলৰ প্ৰায় সকলোবোৰ সন্মান দখল কৰা লিঅ’নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৰ। দ্য লিভিং নষ্ট্ৰাডামু নামেৰে পৰিচিত ব্ৰাজিলৰ জ্যোতিষী তথা ভৱিষ্যদ্ৰষ্টা ৩৬ বছৰীয়া এথ’ছ ছাল’মিৰ মুখেৰে ওলাইছে শেলে বিন্ধি যোৱা এনে কথা।

ফুটবল বিশ্বকাপৰ সৈতে সদায়েই ভৱিষ্যদ্বাণীৰ উৎসুকতা জড়িত হৈ আহিছে। এইবাৰ চাল’মি ভৱিষ্যদ্বাণীক লৈ সকলো উদগ্ৰীৱ। এই ছাল’মিৰ প্ৰায়খিনি ভৱিষ্যতবাণী আখৰে-আখৰে ফলিওৱা বিশ্ববাসীয়ে দেখিছে। বিশেষকৈ ক’ভিড -১৯ , ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ভৱিষ্যদ্বাণী কৰিছিল এইজন আধুনিক নষ্ট্ৰাডামুয়ে । ইয়াৰ পিছতে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ মৃত্যু হ’ব বুলি কোৱা ভৱিষ্যতবাণীও সঁচা প্ৰমাণিত হৈছিল ।

পুনৰ এইবাৰ চলিত কাটাৰ বিশ্বকাপ ২০২২ ওপৰত এইজন আধুনিক নষ্ট্ৰাডামুয়ে ভৱিষ্যদ্বাণী কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। অৰ্থাৎ ১৮ ডিচেম্বৰ লুচেইল ষ্টেডিয়ামত কোন দুটা দলে বিশ্বকাপৰ চূড়ান্ত খেল খেলিব? এই সন্দৰ্ভত এথ’ছ ছাল’মিয়ে ভৱিষ্যদ্বাণী কৰি কৈছে যে এইবাৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলগীয়া দল দুটাৰ ভিতৰত আছে পাঁচটা দল। সেইকেইটা হ’ল ক্ৰমে – আৰ্জেন্টিনা, ব্ৰাজিল, বেলজিয়াম, ফ্ৰান্স আৰু ইংলেণ্ড ।

অৱশ্যে ফাইনেলত প্ৰৱেশ কৰিলেও ব্ৰাজিল অথবা আৰ্জেণ্টিনাই জয় কৰিব নোৱাৰিব বিশ্বকাপ। এই বাণী চাল’মিৰ । একেদৰে ফাইনেলত জয়ৰ তালিকাত নাম নাই ইংলেণ্ড আৰু বেলজিয়ামৰো । এই ব্ৰাজিলীয়ান জ্যোতিষীজনৰ মতে ১৮ ডিচেম্বৰত ফাইনেল খেলিব লিঅ’নেল মেছিৰ আৰ্জেন্টিনা আৰু ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সে । কিন্তু পুনৰ মেছিৰ স্বপ্নভংগ হ’ব । অৰ্থাৎ কেৰিয়াৰৰ শেষ বিশ্বকাপত দেশক সোণালী ট্ৰফী উপহাৰ দিব নোৱাৰিব তাৰকা খেলুৱৈ মেছিয়ে। পুনৰ হাঁহি বিৰিঙিব এমবাপে, অ’লিভাৰ জিৰুডৰ মুখত।

খেল আৰম্ভ হোৱাৰ পূৰ্বে আধুনিক নষ্ট্ৰাডামুৰ এই ভৱিষ্যতবাণীয়ে এতিয়া বিশ্ব ক্ৰীড়াপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া আধুনিক নষ্ট্ৰাডামুৰ এই ভৱিষ্যতবাণী কিমান সঁচা হয় তাৰ বাবে আমি ৰ’ব লাগিব ১৮ ডিচেম্বৰলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply